মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান...

সোমবাৰে বিয়লি মৃত্যু হয় প্ৰাক্তন বিধায়ক গৰাকীৰ

author-image
Asomiya Pratidin
New Update
মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান...

majbat ex MLA

ডিজিটেল সংবাদ, ওৰাং : মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান। সোমবাৰে বিয়লি মৃত্যু হয় প্ৰাক্তন বিধায়ক গৰাকীৰ। দীৰ্ঘদিনৰ পৰা বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল প্ৰাক্তন বিধায়ক গৰাকী।

Advertisment

উল্লেখ্য যে স্বাস্থ্যৰ উন্নতি নোহোৱাত বিধায়ক গৰাকীক চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি দিয়ে। সোমবাৰে ঘৰলৈ আনি থকা অৱস্থাতে আদবাটতে কৰেন্দ্ৰ বসুমতাৰীৰ দেহাৱসান ঘটে। মাজবাট সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্দলীয় বিধায়ক আৰু পানেৰী সমষ্টিৰ পৰা এবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল কৰেন্দ্ৰ বসুমতাৰী।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭১ বছৰ। কৰেন্দ্ৰ বসুমতাৰী নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিল। তেখেতৰ মৃত্যুৰ বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে ১৯৯১ চনত পানেৰী সমষ্টিৰ বিধায়কৰ আছিল বসুমতাৰী। ২০০১ চনত মাজবাট আৰু ২০০৬ চনত মাজবাটত দুবাকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল কৰেন্দ্ৰ বসুমতাৰী।

assam majbat orang