মাজবাটৰ লালপানীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ...

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোঁসাইৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে উক্ত সুৰা খিনি জব্দ কৰিবলৈ সক্ষম হয়
orang wine seized
orang wine seized

ডিজিটেল সংবাদ, ওৰাং : মাজবাটৰ লালপানীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ। মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোঁসাইৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে উক্ত সুৰা খিনি জব্দ কৰিবলৈ সক্ষম হয়।‌

AS-1DC-9562 নম্বৰৰ TATA 407 ডিআই বাহনখনত ২০০ কাৰ্টুন মেগধুল নম্বৰ -১ নামৰ অৰুনাচলী সুৰাখিনি সৰবৰাহৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে সুৰা ভৰ্তি বাহনখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় যদিও এন্ধাৰৰ সুযোগ লৈ সুৰা সৰবৰাহকাৰী দলটো পলাই জনাবলৈ সক্ষম হয়।

ইফালে মাজবাট টাউনৰ মাজমজিয়াতে আবেলি মাজবাট টেল ডিপুত একে নম্বৰ দুখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে মাজবাট আৰক্ষীয়ে। জানিব পৰা মতে মাজবাট আৰক্ষী থানাৰ মানিক চন্দ্ৰ দে নামৰ গৃহৰক্ষী জোৱান জনে মাজবাট টাউনত কৰ্তব্যৰত অৱস্থাত টেল ডিপুত হঠাৎ AS-27 C-3264 একে নম্বৰৰ আইৰিচ নামৰ দুখন বাহন প্ৰত্যক্ষ কৰি বাহন দুখনৰ চালক দুগৰাকীৰ পৰা কথাবোৰ জানিবলৈ চেষ্টা কৰি থাকোতেই চালক দুজনে বাহন দুখন এৰি পলায়ন কৰে।

পাছত মাজবাট আৰক্ষীয়ে গৃহৰক্ষী যোৱান মানিক চন্দ্ৰ দেৰ নেতৃত্বত বাহন দুখন থানাত লৈ আহে। জানিব পৰা মতে বাহন দুখনৰ গৰাকী মাজবাট আৰক্ষী থানাৰ অন্তগৰ্ত লামাবাৰী চাহ বাগিছাৰ বিনয় চাবাৰৰ পুত্ৰ কৰন চাবাৰৰ বুলি এখন গাড়ীৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মাজবাট আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in