/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/maidhya-kamrup_11zon.jpg)
ডিজিটেল সংবাদ চেঙাঃ বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ আৰু প্ৰতিষ্ঠা দিৱস সোমবাৰে অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে কোভিদ প্ৰট'কল অনুযায়ী জাকজমকতাৰে পালন কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মাই। শ্বহীদ তৰ্পণ অনুষ্ঠান মুকলি কৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মদন চন্দ্ৰ দাসে। ইয়াৰ পিছতেই অফলাইন আৰু অনলাইন ব্যৱস্থাৰে অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মাই ।
আদৰণি ভাষণত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড০ হৰেন্দ্ৰ নাথ তালুকদাৰে বছৰজোৰা সোণালী জয়ন্তী বৰ্ষৰ ওপৰত আলোকপাত কৰি মহাবিদ্যালয়খনে এজন দক্ষ অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মাক পাই সুখী হোৱাৰ কথা ব্যক্ত কৰে ।গতিশীল নেতৃত্ব দি ড০ শৰ্মাই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসতে বছৰজোৰা কাৰ্যসূচী এখনৰ বাবে মনস্থিৰ কৰাত ড০ তালুকদাৰে সন্তুষ্টি প্ৰকাশ কৰে। আনহাতে গুৱাহাটীৰ পৰা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ মোহন চন্দ্ৰ তালুকদাৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি "প্ৰজ্ঞান" নামৰ ই- আলোচনীখন অনলাইন যোগে উন্মোচন কৰে।
উন্মোচনী ভাষণত ড০ মোহন চন্দ্ৰ তালুকদাৰে এই আলোচনীখনে মহাবিদ্যালয়ৰ সাহিত্য তথা শৈক্ষিক দিশত এক নতুন দিশৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মাই নিজৰ ভাষণত কয় যে, "১৯৭১ চনৰ ৯ আগষ্টত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে আজি গৌৰৱোজ্জ্বল ৫০ টি বৰ্ষ অতিক্ৰম কৰিলে। ৫০ টি বৰ্ষ কেৱল সময় নহয়। ইয়াৰ লগত জড়িত হৈ আছে অজস্ৰ মানুহৰ ত্যাগ আৰু অজস্ৰ মানুহৰ সেৱা।"
যিসকল মহান ব্যক্তিয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল তেওঁলোককো মহাবিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মাই।মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত থকা মহান ব্যক্তিসকলৰ আধৰুৱা সপোনবোৰ বাস্তৱায়িত কৰিবলৈ অহোপুৰুষাৰ্থতা কৰি যাব বুলিও মন্তব্য কৰে অধ্যক্ষ ড০ শৰ্মাই। সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ ক্ষেত্ৰত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰো সহায়- সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে অধ্যক্ষগৰাকীয়ে। অলপতে গুৱাহাটীস্থিত ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠান আৰু মধ্য কামৰূপ মহাবিদ্যালয়ৰ মাজত বিদ্যায়তনিক কৌশল আদান-প্ৰদানৰ যোগেদি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকবৃন্দৰ গবেষণা তথা উদ্যোমিতা বিকাশৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰাৰ অৰ্থে আগন্তুক ৫ বছৰৰ কাৰণে এক বুজাবুজি চুক্তি সম্পাদন কৰা হয় বুলিও অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মাই প্ৰকাশ কৰে।
আনহাতে মহাবিদ্যালয়খনত বাণিজ্য শাখা খোলাৰ বাবেও যো-জা চলাই থকা বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। মুকলি সভাখনত অফলাইন যোগে ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা ক্ৰমে ইমান ভূঞা, ড০ মৃদুস্মিতা গোস্বামী, বানেশ্বৰ বেজবৰুৱা, ড০ নজৰুল ইছলাম, চাজিদা খাতুন, গ্ৰন্থগাৰিক কুলধৰ ডেকা, ছাত্ৰ একতা সভাৰ সভাপতি মেহবুব ভূঞাই। আনহাতে ভৈৰৱ চন্দ্ৰ দাস আৰু ই- আলোচনীৰ সম্পাদকমণ্ডলীৰ হৈ অধ্যাপিকা ৰুনুমী দাসে অনলাইনযোগে বক্তব্য প্ৰদান কৰে। মহাবিদ্যালয়খনক লৈ ৰচনা কৰা স্বৰচিত কবিতা পাঠ কৰে ছাত্ৰ মিতুল মেধিয়ে। মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ক্ৰমে মহন্ত দাস আৰু গুণজিৎ দাস, ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নয়ন মেধি সভাখনত উপস্থিত থাকে। মাষ্টৰ গীতম পৰাশৰ সহযোগত ড০ জাহিদুল ইছলামে অনলাইন ব্যৱস্থাৰ প্ৰযুক্তিগত দিশটো সুচাৰুৰূপে চোৱাচিতা কৰে।