মাইবেলা কৃষিপাম সাংস্কৃতিক কেন্দ্ৰৰ বিহু সন্মিলনত উৎসৱ মুখৰ পৰিবেশ

শনিবাৰে পুৱা উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বুঢ়া গোঁহাইয়ে বিহুৰ পতাকা উত্তোলনেৰে বিহু কাৰ্যসূচী আৰম্ভ কৰে

author-image
Asomiya Pratidin
New Update
মাইবেলা কৃষিপাম সাংস্কৃতিক কেন্দ্ৰৰ বিহু সন্মিলনত উৎসৱ মুখৰ পৰিবেশ

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ মাইবেলা কৃষিপাম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ১০১নং গ্ৰান্ট মাইবেলাবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰঙালী বিহু সন্মিলন ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা বিহু সন্মিলনকলৈ গ্ৰামাঞ্চলটোত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে ৷

Advertisment

উদ্যোক্তসকলে জনোৱা মতে শনিবাৰে পুৱা উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বুঢ়া গোঁহাইয়ে বিহুৰ পতাকা উত্তোলনেৰে বিহু কাৰ্যসূচী আৰম্ভ কৰে ৷ স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণৰ পিচতেই বিহুতলী পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷

উক্ত শোভাযাত্ৰাটোত বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক দলৰ লগতে গ্ৰামাঞ্চলৰ প্ৰতিচ্ছবি উপস্থাপন কৰা হয় ৷ শোভাযাত্ৰাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ নেওগে ৷

ইয়াৰ পাছতে কণী যুঁজ প্ৰতিযোগিতা আৰু দুপৰীয়া মৌ-কুঁৱৰী ,ঢোল, পেপা,গগণাবাদন প্ৰদৰ্শন কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

Also Read: যুৱ কৃষক শৰৎ বৰুৱাৰ ক’লা জিকাৰ কৃষিভূমিত উপস্থিত জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ

Bohag Bihu