ঢকুৱাখনাত বিলাতী সুৰাৰ দোকানে বিনষ্ট কৰিছে শৈক্ষিক পৰিৱেশ...

মহকুমাধিপতিক লিখিত অভিযোগ মহিলা সমিতিৰ
ঢকুৱাখনাত বিলাতী সুৰাৰ দোকানে বিনষ্ট কৰিছে শৈক্ষিক পৰিৱেশ...

ডিজিটেল সংবাদ, ঢকুৱাখনা : বিলাতী সুৰাৰ দোকানে বিনষ্ট কৰিছে শৈক্ষিক পৰিৱেশ। ঢকুৱাখনা মহকুমাৰ ২নং থেকেৰাগুৰি অঞ্চলত অৱস্থিত এখন বিলাতী সুৰাৰ দোকানে সুদীর্ঘ দিন ধৰি সুস্থ সামাজিক পৰিবেশ আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে । 

ঢকুৱাখনা-মাছখোৱা লোকনিৰ্মান পথৰ কাষত ২ নং থেকেৰাগুৰিত অৱস্থিত এই ৱাইন 'বাৰ'খন প্ৰতিষ্ঠা হোৱাৰ পৰাই বৃহত্তৰ অঞ্চলটোত সুস্থ সামাজিক আৰু শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে স্থানীয় অতীষ্ঠ মহিলাসকলে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিক এখন লিখিত অভিযোগ দাখিল কৰে ।

২ নং থেকেৰাগুৰি গাঁও মহিলা সমিতিৰ সভানেত্ৰী দিম্পল গয়াৰী গগৈ আৰু সম্পাদিকা মামণি পাচনিয়ে বৃহস্পতি বাৰে মহকুমাধিপতিক দাখিল কৰা অভিযোগ মতে এগৰাকী বিতৰ্কিত সুৰা ব্যৱসায়ীয়ে  আৱকাৰী বিভাগৰ নিয়ম নিৰ্দেশনা পদপিষ্ট কৰি ১৪৭ নং থেকেৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ নিচেই সমীপতে বিলাতী সুৰাৰ "বাৰ" স্থাপন কৰি স্বাভাৱিক পৰিবেশ উশৃংখল আৰু বিঘ্নিত কৰি তুলিছে । আবকাৰী বিভাগে নিৰ্ধাৰণ কৰি দিয়া সুৰা বিপনি খোলা আৰু নিশা  বন্ধ কৰাৰ নিৰ্দেশনা প্ৰকাশ্যে  উলংঘা কৰি মইমতালিপূৰ্ণ ভাবে বহু নিশালৈকে "বাৰ" খুলি ৰখাৰ বাবে সুৰাপায়ীৰ অশ্লীল মাত কথাৰে এক অশান্তিময় পৰিবেশৰ সৃষ্টি কৰি আহিছে অঞ্চলটোত ।

ভুক্তভোগী ৰাইজৰ হৈ অভিযোগকাৰী মহিলা সমিতিয়ে "বাৰ"খনৰ স্বতাধিকাৰীগৰাকীৰ বিৰুদ্ধেও বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি বিভাগীয় তদন্তৰ জৰিয়তে সুস্থ সামাজিক পৰিবেশ বিনষ্টকাৰী  বিতৰ্কিত বিলাতী সুৰাৰ "বাৰ"খন উক্ত স্থানৰ পৰা স্থানান্তৰ কৰাৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in