/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/be662048-3e4c-40ec-9164-08ff91a7b5c0/ashtami.jpg)
ডিজিটেল ডেস্ক : আজি নৱৰাত্ৰিৰ অষ্টম দিন, অৰ্থাৎ মহাষ্টমী । আহিন মাহৰ শুক্লাষ্টমীত উদযাপন কৰা এই দিনটোতে কৰা হয় দেৱীৰ অস্ত্ৰপূজা । জনশ্ৰুতি অনুসৰি আজিৰ দিনটোতেই সকলো দেৱতাই নানান অস্ত্ৰ প্ৰদান কৰি দেৱীক ৰণলৈ প্ৰস্তুত কৰি তুলিছিল । সেই বাবেই আজিৰ দিনটোক ভাৰতৰ বিভিন্ন প্ৰান্তত বীৰ অষ্টমীও বোলা হয় ।
বিগত দুটা দিনত সমগ্ৰ ৰাজ্যজুৰি দুৰ্গা পূজাৰ উলহ মালহ পৰিলক্ষিত হোৱাৰ লগতে আজি ৰাতিপুৱাও দেখা গ'ল একেই উৎসাহ । অস্থায়ী উপাসনাস্থলী সমূহত ৰাতিপুৱাই আৰম্ভ কৰা দেখা গ'ল দেৱীৰ বন্দনা ।
অৱশ্যে গুৱাহাটী মহানগৰীত ৰাতিপুৱাই অহা এজাক বৰষুণে ম্লান কৰা দেখা গ'ল এই উৎসাহ । মহানগৰীৰ বিভিন্ন স্থান ডুব গ'ল এইজাক বৰষুণত । তেনেস্থলত আজি উপাসনাস্থলী সমূহত হ্ৰাস হ'ব পাৰে ভক্তগণৰ সমাগম ।