/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e4df5fb0-393c-4e3c-9a97-fba430d356f4/a8.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : ইতিহাস প্ৰসিদ্ধ নুমলীগড়ৰ বাবাথানৰ পুৱাৰে পৰা ভক্তৰ সমাগম। লানি নিচিগা সোঁত। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ভক্তৰ ভীৰ ।
চাকি-বন্তি জ্বলাই মনৰ ইচ্ছা পূৰণৰ বাবে ভক্তগণৰ আগমন। বোকাখাত মহকুমাৰ অন্তৰ্গত দেওপাহাৰৰ নামনিত অৱস্থিত নুমলীগড় বাবাথানত আজি মহাশিৱৰাত্রীৰ দিনা ৰাইজৰ লানি নিছিগা সোঁত দেখিবলৈ পোৱা যায়। ৰাজ্যখনৰ ভিতৰতে ভক্তৰ আস্থা আৰু বিশ্বাসৰ অন্যতম থলৰূপে পৰিচিত এই বাবাথানৰ আছে এক বিশেষ ঐতিহাসিক পটভূমি।
জনশ্ৰুতি অনুসৰি ১৮৯৭ চনত হোৱা বৰভূঁইকঁপত নুমলীগড় দেওপাহাৰৰ টিঙত থকা এটা প্ৰাচীন মন্দিৰ বিধ্বস্ত হৈ পৰে। উক্ত মন্দিৰৰ শিৱমূৰ্তি নি দেওপাহাৰৰ নামনিত নুমলীগড় বাবাথান স্থাপন কৰা হয়।
ইয়াৰ পিচৰে পৰা বাবাথানলৈ জিলাখনৰ লগতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'বলৈ ধৰে। প্ৰতিবছৰে শিৱৰাত্রীত বিশেষ মেলা অনুষ্ঠিত হোৱা বাবাথানত আজি লোকে-লোকাৰণ্য হৈ পৰিছে।
আস্থা আৰু বিশ্বাসেৰে আৰাধনা কৰিছে। ইপিনে, আজি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথতো ভীৰ দেখা যায়। গাড়ী-মটৰ চলাচলতো অসুবিধাৰ সৃষ্টি হয়। উল্লেখ্য যে আজি দেওপাহাৰত থকা প্ৰাচীন মন্দিৰৰ ভগ্নাংশসমূহো ৰাইজে পৰিদৰ্শন কৰি পূজা-অৰ্চনা কৰা দেখা যায়।