তুহিন কাশ্যপৰ চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ অস্কাৰলৈ…

তুহিন কাশ্যপৰ চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ অস্কাৰলৈ…

author-image
asomiyapratidin
New Update
তুহিন কাশ্যপৰ চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ অস্কাৰলৈ…

ডিজিটেল ডেস্কঃ অসমৰ সাংস্কৃিত জগতখনলৈ আহিছে আন এক ভাল খবৰ। এগৰাকী অসম সন্তানৰ ছবিয়ে এইবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰি একাডেমী এৱাৰ্ড অৰ্থাৎ অস্কাৰলৈ যোগ্যতা অৰ্জন কৰিছে। অসম সন্তান তুহিন কাশ্যপৰ চুটি ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি'য়ে ভাৰতক প্ৰতিনিধিত্ব কৰি অস্কাৰলৈ যোগ্যতা অৰ্জন কৰিছে।

Advertisment

উল্লেখ্যে যে 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' শেহতীয়কৈ অনুষ্ঠিত হৈ যেৱা বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বিবেচিত হৈছিল। ইয়াৰ পিছতেই এই ছবিখনে অস্কাৰলৈ যোগ্যতা অৰ্জন কৰে।

ইতিমধ্যে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, হিমালয়ান চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মেক্সিকোত থকা চিনেতেকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত এই ছবিখনৰ এক বিশেষ দৰ্শনী অনুষ্ঠিত হৈছিল বুলিও জানিব পৰা গৈছে।

এজন ওজাপালি কৰি ফুৰা পালিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। য'ত পালি গৰাকীয়ে নিজৰ ঘোঁৰাটোক পৃথিৱীৰ সৰ্বত্ৰ বেগী ঘোঁৰা বুলি ভাবি ঘোঁৰা দৌৰ প্ৰতিযোগিতাত দৌৰাবলৈ চহৰলৈ লৈ যায়। কিন্তু তেওঁৰ ঘোঁৰাটো প্ৰকৃততে ঘোঁৰা নহয়। এটা গাধহে।

জনপ্ৰিয় অভিনেতা অতুল পাচনিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা মোৰ ঘোঁৰাৰ দুৰন্ত গতি ছবিখনেই হৈছে প্ৰথমখন অসমীয়া চুটি ছবি যিয়ে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে স্নেহাংকৰ চক্ৰৱৰ্তী, অভিজিত নাগ, গৌৰৱ হালৈ, আশীষ চেটাৰ্জী, সনাতন কৰ্মকাৰ আদিয়ে।

আনহাতে ছবিখনৰ কাৰিকৰী দিশসমূহত কাম কৰিছে Satyajit Ray Film and Television Institute ৰ শিক্ষাৰ্থীসকলে। উল্লেখ্য যে মহৰ্ষি তুহিন কাশ্যপো এই প্ৰতিষ্ঠানৰে এগৰাকী ছাত্ৰ। চিত্ৰনাট্য আৰু পৰিচালনা মহৰ্ষি কাশ্যপৰ লগতে ছবিখনৰ বিভিন্ন দিশ সমূহত কাম কৰিছে প্ৰযোজক নীলাঞ্জনা ৰুদ্ৰা, দৃশ্য-গ্ৰহণ কৰিছে অৰ্ণব লাহা, শব্দ বিভাগত কাম কৰিছে অৰ্ণব বৰা আৰু সোমনাথ গগৈয়ে।

ছবিখন সম্পাদনা কৰিছে পুলকিত ফিলিপে আৰু দৃশ্য সজ্জা কৰিছে বিপীন ৰহিল্লায়ে। আনহাতে ছবিখনৰ নেপথ্যত ওজাপালি গাইছে ওজা নয়ন জ্যোতি নাথ আৰু পালি নগেন ডেকা, ভলাৰাম নাথ, ৰূপজ্যোতি চৌধুৰী আৰু দ্বীপ জ্যোতি নাথে।