/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/maharashtra.jpg)
ডিজিটেল ডেস্ক : বুধবাৰে পুৱা প্ৰায় ২.৩০ বজাত মহাৰাষ্ট্ৰৰ গণ্ডিয়াত এখন ৰে'লৰ তিনিটা ডবা লাইনৰ পৰা বিচ্ছিন্ন হোৱাৰ ফলত ৫০ জনৰো অধিক লোক আহত হয়। মালবাহী ৰে'ল, যাত্ৰীবাহী ৰে'লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
ৰে'লখন ছত্তীশগড়ৰ বিলাসপুৰৰ পৰা ৰাজস্থানৰ যোধপুৰলৈ গৈ আছিল। এই দুৰ্ঘটনাৰ পিছত, ৰে'লৰ চলাচল ব্যাহত হয়। তথ্য অনুসৰি, এই দুৰ্ঘটনাটো গণ্ডিয়াৰ ওচৰত পুৱা প্ৰায় ২.৩০ বজাত সংঘটিত হৈছিল। সংকেত বিভ্ৰান্তিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। ঘটনাটোত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই।
আৰু পঢ়ক : বকোত দলং নিৰ্মাণৰ দাবীত ধৰ্ণা কাৰ্যসূচী