ধেনুখনা মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তী,স্মৃতি তোৰণৰ আধাৰশিলা স্থাপন

ধেনুখনা মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তী,স্মৃতি তোৰণৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ স্বাভিমানী প্ৰতীক ধেনুখনা মজলীয়া বিদ্যালয়। ধেনুখনা বাটমাৰী পঞ্চায়তত ১৯৪৭ চনতে প্ৰতিষ্ঠা হোৱা এইখন নামজ্বলা শৈক্ষিক প্ৰতিষ্ঠানে ২০২৪ বর্ষত মহাৰজত জয়ন্তী বর্ষত পদাৰ্পন কৰিব।

বৃহত্তৰ অঞ্চলটোৰ গুণগত শিক্ষা প্ৰদানৰ অন্যতম বিদ্যা মন্দিৰ স্বৰূপ এই বিদ্যালয়খনৰ আগত মহাৰজত জয়ন্তী মহোৎসৱৰ এক প্ৰাৰম্ভিক কাৰ্যসূচী সোমবাৰে শুভাৰম্ভ কৰা হয়। বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ সতে ৰজিতা খুৱাই সোমবাৰে বিদ্যালয়খনৰ মূল স্মৃতি প্ৰৱেশ তোৰণৰ শিলান্যাস কৰা হয়। প্ৰবীণ সমাজ হিতৈষী ,শিক্ষাবিদ প্ৰয়াত জীৱন চন্দ্ৰ চিৰিঙৰ পৱিত্ৰ স্মৃতিত পৰিয়ালবৰ্গৰ অৰ্থানুদানেৰে নিৰ্মান হব লগীয়া মহাৰজত জয়ন্তী স্মৃতি তোৰণৰ আধাৰশিলা স্থাপন কৰে প্ৰয়াত শিক্ষাব্রৰ্তী জীৱন চন্দ্ৰ চিৰিংৰ পত্নী চুপহী চিৰিং ফুকনে ।

এই পবিত্ৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভনি এক আধ্যত্মিক পৰম্পৰাৰে সম্পন্ন কৰা হয় ।পুৱা বেলাই ধেনুখনা মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গনত অঞ্চলটোৰ শিক্ষাসদী ৰাইজ,বিদ্যালয় পৰিচালনা সমিতি, উদযাপন সমিতি, প্ৰাক্তন শিক্ষাৰ্থী ,অভিভাৱক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষার্থী কৰ্মচাৰী সকল সমবেত হয় । গায়ন বায়ন আৰু আয়তীৰ উৰুলি মঙ্গলধ্বনিৰ মাজত ধেনুখনা মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তী স্মৃতি তোৰণৰ আধাৰশিলা স্থাপন কৰি অতি কম সময়ৰ ভিতৰত স্বৰ্গীয় শিক্ষাবিদ জীৱন চন্দ্ৰ চিৰিং স্মাৰক প্ৰৱেশ তোৰণ খন নিৰ্মান সম্পূৰ্ণ কৰিব বুলি কয় দাতা চুপহী চিৰিং ফুকনে।

প্ৰয়াত শিক্ষাবিদ গৰাকীৰ তিনি পুত্ৰ ক্ৰমে জিন্টু চিৰিং ফুকন, সঞ্জীৱ চিৰিং ফুকন, ৰাজীৱ চিৰিং ফুকন, মহাৰজত জয়ন্তী উদযাপন সমিতিৰ উপদেষ্টা অচ্যুত দত্ত, তুলসী প্ৰসাদ শইকীয়া, ধৰ্মেশ্বৰ চিৰিং, কিৰণ দত্ত, সভাপতি লংকেশ্বৰ চিৰিং , বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি ভূঞা, পশ্চিম ধেনুখনা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জু চিৰিং, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি জিতেন ফুকন, বৰ্তমানৰ সভাপতি নিৰ্মল ফুকন, জ্যেষ্ঠ শিক্ষক মণিৰাম সন্দিকৈকে প্ৰমুখ্য কৰি অগণন শিক্ষাসদী এই অনুষ্ঠানত উপস্থিত থাকে। উল্লেখযোগ্য যে অহা ২০২৪ বর্ষৰ জানুৱাৰী মাহত এই গৌৰবোজ্জল মহাৰজত জয়ন্তী অনুষ্ঠিত হোৱাৰ আশা ব্যক্ত কৰিছে উদযাপন সমিতিয়ে ।

ধেনুখনা মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তী,স্মৃতি তোৰণৰ আধাৰশিলা স্থাপন
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰিলে মণিপুৰৰ ৯ উগ্ৰপন্থী সংগঠনক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in