আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি

ডিজিটেল ডেস্ক : আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি । পুৱাৰে পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ বন্দনা, হৰিনামেৰে মুখৰিত হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত । সমগ্ৰ ৰাজ্যই গুৰুজনাৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা আৰু ভকতিৰে ৫৩৫ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সৈতেই ঢেকীয়াখোৱ‍া বৰনামঘৰত ৪ জুনৰ পৰা গুৰুজনাৰ জন্মোৎসৱ পালন কৰা দেখা যায় ।

ইয়াৰ সৈতেই বৰনামঘৰ প্ৰাংগনত অনুষ্ঠিত হ'ব বৰগীত, সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ প্ৰতিযোগিতা । একেই আয়োজন বৰপেটা, সুন্দৰীদিয়া, গণককুছিতো । বৰপেটা সত্ৰতো দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোৎসৱৰ আয়োজন চলাৰ লগতেই সুন্দৰীদিয়া-গণককুছিতো চলিছে আয়োজন ।

১৮৮৯ চনত জন্ম লাভ কৰা শ্ৰী শ্ৰী মাধৱদেৱ সম্পৰ্কে কোনো অসমীয়াকেই কাহানিও পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নহ'ব । অসমীয়া জাতিৰ অস্তিত্ব থকালৈকে থাকিব গুৰুদুজনাৰ আদৰ্শ আৰু অৱদান । শ্ৰীমন্ত শংকৰদেৱৰ দৰেই সকলো দিশতেই সমানেই পাণ্ডিত্য আছিল শ্ৰী শ্ৰী মাধৱদেৱৰো । শংকৰদেৱে বঢ়াৰ পো আখ্যা দিয়া মাধৱদেৱৰ সৃষ্টিৰাজিয়েই ইয়াৰ প্ৰমাণ ।

শ্ৰীমন্ত শংকৰদেৱৰ দৰেই মাধৱদেৱৰো সৃষ্টিৰাজি কেৱল ভক্তিমূলক নাছিল । ভক্তিৰ মাজতেই লুকাই আছে মহাপুৰুষ গৰাকীৰ কবিত্বময় প্ৰকাশ । ইয়াৰেই জলন্ত উদাহৰণ মহাপুৰুষজনাৰ অমৰ সৃষ্টি নামঘোষা । নামঘোষাৰ ওপৰত ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই 'অসমীয়া সাহিত্যৰ সমিক্ষাত্মক ইতিবৃত্ত' ত প্ৰকাশ কৰিছে এক গৱেষণামূলক অধ্যয়নৰ ।

মহাপুৰুষজনাৰ সাহিত্য ৰাজিক প্ৰধানকৈ ভাগ কৰা হয় আখ্যানমূলক আৰু তত্ৱমূলক সাহিত্যত । ইয়াৰ উপৰিও গুৰু শংকৰদেৱৰ পদধূলা অনুসৰণ কৰিয়েই ৰচনা কৰিছিল বৰগীত আৰু আন কাব্যৰ ।

বিশ্ব বিশ্ৰুত নাট্যকাৰ শ্বেইকছপীয়েৰৰ জন্মৰো বহু বছৰ পূৰ্বেই অসমত আধুনিক নাটক আৰু সাহিত্যৰ সূচনা হৈছিল মহাপুৰুষ দুজনাৰ উদ্যোগত । মহাপুৰুষ মাধৱদেৱৰ সাহিত্য ৰাজিৰ অধ্যয়ন পৰৱৰ্তী কালত বিদ্যালয় পৰ্যায়ত কেৱল তেজৰে কমলাপতি, আৰু মহাবিদ্যালয় পৰ্যায়ত বৰগীত,ভটিমা আৰু নাটৰ মাজতেই সীমাবদ্ধ ।

গৱেষক সকলেও সময়ে সময়ে মহাপুৰুষ জনাৰ সৃষ্টিৰ ওপৰত গৱেষণা কৰি আহিছে যদিও আধুনিক অসমীয়া সাহিত্য আৰু বিশেষকৈ নাট্য জগতত তেখেতৰ অৱদান সম্পৰ্কে আলোচনা খুবেই নগণ্য ।

মহাপুৰুষ জনাক কেৱল মহাপুৰুষ হিচাপেই বা ধৰ্ম প্ৰচাৰক হিচাপেই নহয় বৰং অন্তত: আজিৰ দিনটোত নাট্যকাৰ তথা এগৰাকী সমাজ-সংস্কাৰক হিচাপেও স্মৰণ কৰা উচিত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in