দেওবাৰে মহালয়া, দেৱী দুৰ্গাৰ মূৰ্তিত অন্তিম পৰশ দিব মৃন্ময় শিল্পীয়ে...

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সাজু হৈছে পূজা আয়োজক সমিতি, মৃন্ময় শিল্পী

author-image
Asomiya Pratidin
New Update
দেওবাৰে মহালয়া, দেৱী দুৰ্গাৰ মূৰ্তিত অন্তিম পৰশ দিব মৃন্ময় শিল্পীয়ে...

mahalaya

ডিজিটেল ডেস্ক : দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সাজু হৈছে পূজা আয়োজক সমিতি, মৃন্ময় শিল্পী। আনহাতে, দেওবাৰে মহালয়া। দুৰ্গা পূজাৰ সৈতে মহালয়াৰ এক গভীৰ সম্পৰ্ক আছে। সেই দিনটোতে দেৱীক অন্তিম পৰশ দিয়ে মৃন্ময় শিল্পী সকলে।

উল্লেখ্য যে বিদেহী পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তিমটো দিনেই হৈছে মহালয়া। অৰ্থাৎ পিতৃপাক্ষ আৰু দেৱীপক্ষৰ আৰম্ভণি সময়ছোৱাক মহালয়া বুলি কোৱা হয়। মহালয়া পিতৃতান্ত্ৰিকতাৰ অন্তিম দিন। তাৰ পাছদিনাৰ পৰা দেৱীৰ পক্ষ আৰম্ভ হয়।

মহালয়াৰ তাৎপৰ্য এয়ে যে 'মহা' মানে 'পৰম' আৰু 'লয়' মানে বিলীন হোৱা। আনহাতে, আন এক দাৰ্শনিকৰ মত অনুসৰি 'লয়' মানে তৰংগ অৰ্থাৎ য'ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়।

ইয়াৰ মূল তাৎপৰ্যটো হ'ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য'ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম-গতি পায়। সেই মৃত-ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল-ভাগী হয়।

assam india durga puja festival