/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2a0b3991-fc6e-4ea3-9b59-3beb0687f85f/11.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ ৬দিনীয়া বৰ্ণাঢ্য কার্যসূচীৰে বৃহত্তৰ বিছেন্নালা গাঁও পঞ্চায়তবাসীৰ আধ্যাত্মিক কেন্দ্ৰস্থলী ৰাজহুৱা শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মন্দিৰত আয়োজিত ৭৫ তম অৰ্থাৎ এই বেলি হীৰক জয়ন্তী বৰ্ষত ভৰি দিয়া শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ।
এই ধৰ্মীয় অনুষ্ঠানত আজি প্ৰথম দিনটোত উপস্থিত হৈ ভক্ত প্ৰাণ ৰাইজৰ বাবে মহোৎসৱভাগি আনুষ্ঠানিক মুকলি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই।
উল্লেখ্য যে আজিৰ এই শুভ দিনটোত মন্দিৰৰ নৱনিৰ্মিত আটকধুনীয়া সভাগৃহটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি ভক্ত প্ৰাণ ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ পাই আনন্দ অনুভৱ কৰে বুলি বিধায়ক কলিতাই ভাষণ আগবঢ়ায়।
ইয়াৰে পিছতে মন্দিৰৰ চৌহদতে ১ কোটি টকা ব্যয় সাপেক্ষে ভক্ত প্ৰাণ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কাৰ্য চলি থকা আটকধুনীয়া সুবিশাল কমিউনিটি ভৱনটি পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লৈ উদযাপন কমিটিৰ বিষয়ববীয়াৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ সৈতে কিছু সময় অন্তৰংগ আলাপ কৰে ।
ইফালে ৰঙিয়াবাসী ৰাইজৰ যাতে বিভিন্ন ৰাজহুৱা সভা-সমিতি তথা অনুষ্ঠানসমূহ সুন্দৰভাৱে অনুষ্ঠিত কৰি তোলাৰ সুবিধাৰ্থে ৰঙিয়া চহৰৰ শিৱ মন্দিৰ কাষতে বিধায়ক উন্নয়ন পুঁজি ১০ লাখ টকা ব্যয় সাপেক্ষে ৰঙিয়া সংগম সংঘৰ নৱ নিৰ্মিত ৰাজহুৱা ভৱনটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । উক্ত শুভ উদ্বোধনী অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিৰামহীন উন্নয়নৰ বিষয়ত ৰাইজক বিধায়কগৰাকীয়ে অৱগত কৰে ।
Also Read: শুকুৰবাৰৰ পৰা মেট্ৰিক পৰীক্ষাঃ ৯১৩ টা কেন্দ্ৰত পৰীক্ষাত বহিব ৪,২৭,৯২২ গৰাকী পৰীক্ষাৰ্থী