বৰমাত শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ

বাক্সা জিলাৰ বৰমাৰ শ্ৰীশ্ৰীহৰি ও লক্ষ্মী মন্দিৰ প্ৰাঙ্গণত অহা ২৪, ২৫ আৰু ২৬ মাৰ্চত তিনিদিনীয়া কাৰ্যক্ৰমনিকাৰে বিশ্ব শান্তিৰ বাবে শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
বৰমাত শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ

ডিজিটেল সংবাদ, বৰমাঃ বাক্সা জিলাৰ বৰমাৰ শ্ৰীশ্ৰীহৰি ও লক্ষ্মী মন্দিৰ প্ৰাঙ্গণত অহা ২৪, ২৫ আৰু ২৬ মাৰ্চত তিনিদিনীয়া কাৰ্যক্ৰমনিকাৰে বিশ্ব শান্তিৰ বাবে শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মিলন দাসে সৱিশেষ জনায়।

Advertisment

তেওঁ কয় যে অহা ২৫ মাৰ্চৰ পুৱা ১১ বজাত ধৰ্মালোচনী সভা ও স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। সভাখন উদ্ধোধন কৰিব গুৱাহাটীৰ নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গনেশ তামুলীয়ে।

স্মৃতিগ্ৰন্থ উন্মোচন সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা বিজন মহাজনে। আবেলি ৪ বজাত নাগাৰা নাম প্ৰদৰ্শন। উক্ত দিনকেইটাৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি, দিহা-পৰামৰ্শ ও সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।

Also Read: মৰ্মান্তিক! খেলি থকা অৱস্থাতেই ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল কনমানিৰ...