/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a0ba02c8-8504-4430-8b76-9d75ae82f3d2/jayan.jpg)
ডিজিটেল ডেস্ক: মহানগৰীৰ শিলপুখুৰী শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামূহীয়া শিৱ মন্দিৰৰ উদ্যোগত ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি। ৪ দিনীয়াকৈ চলিবলগীয়া এই ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি অনুষ্ঠান ১৫ ফেব্ৰুৱাৰী বিয়লি ৫ বজাত শুভাৰম্ভ কৰা হয়।
ৰুদ্ৰযজ্ঞ শুভাৰম্ভ কৰে গোৱৰ্দ্ধন পীঠৰ শংকৰাচাৰ্য স্বামী শ্ৰী শ্ৰী অধোক্ষজানন্দ তীৰ্থ প্ৰভুয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a4de079d-ff84-47f6-b1a3-1e88af2a07ec/ee504580_ab76_4747_a72c_ff7f6fa29a39.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b3ac8ea2-a336-457f-b8a2-04ef61a33ee7/4e675e20_1056_47c5_a260_a5c6805d49a6.jpg)
প্ৰথম দিনা বিয়লি ৬ বজাৰ পৰা তেজপুৰ নিকামূল সত্ৰৰ আৰু কৃষ্ণ-সূৰ্য আঞ্চলিক নামঘৰৰ উদ্যোগত ভাওনা পৰিৱেশন কৰা হয়। ১৬ ফেব্ৰুৱাৰী বিয়লি ৬ বাজি ১০ মিনিটত কাশীৰ মহাআৰতি, বিয়লি ৭.৩০ বজাত গৌতন দ্ৰাবিৰৰ ভক্তিমূলক সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/47ae6bf3-955e-48e8-8680-3711407ab7c4/6185da94_a863_4eba_ae15_f720ffe16110.jpg)
১৭ ফেব্ৰুৱাৰী ৪ বজাত শিশু চেমনীয়া প্ৰাৰ্থনা প্ৰতিযোগীত, ৭.৩০ বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা ভক্তিমূলক অনুষ্ঠান আয়োজন কৰা হৈছে। ১৮ ফেব্ৰুৱাৰী দিনৰ ১১ বজাত শিশু চেমনীয়াৰ চিত্ৰাংকন প্ৰতিযোগীতা, ১,৩০ বজাক পূৰ্ণ আহুতি, সন্ধিয়া ৫ বজাত গীতাঞ্জলি কলিতাৰ নাগাৰা নাম পৰিৱেশন আৰু সন্ধিয়া ৮ বজাত কল্লোল বৰঠাকুৰৰ ভক্তিমূলক সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব।
আৰু পঢ়ক: APSC কেলেংকাৰী! আৰু শ'ল, বৰালী পৰিব জালত, অচিৰেই নেপালৰ পৰা অনা হ'ব ৰাকেশ পালৰ ভাতৃক