Advertisment

নগাঁও জিলাৰ কচুৱাৰ ঐতিহাসিক প্ৰমিলা বৰনামঘৰত ৭৪ তম মহা পালনামৰ আয়োজন

নগাঁও জিলাৰ কচুৱাৰ প্ৰমিলা বৰনামঘৰত ৭৪ তম মহা পালনামৰ আয়োজন কৰিছে। শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ চুতীয়া জাতিৰ ৭৪ তম বাৰ্ষিক পালনাম ভাগ  অনুষ্ঠিত কৰা হৈছে। ১৯৩০ চনতে বৃহত্তৰ প্ৰমিলাৰ বৰনামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল

author-image
Asomiya Pratidin
New Update
পালনামৰ প্ৰস্তুতি

পালনামৰ প্ৰস্তুতি

ডিজিটেল ডেস্ক, কামপুৰ: নগাঁও জিলাৰ কচুৱাৰ ঐতিহাসিক প্ৰমিলা বৰনামঘৰত ৭৪ তম মহা পালনামৰ আয়োজন কৰিছে। শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ চুতীয়া জাতিৰ ৭৪ তম বাৰ্ষিক পালনাম ভাগ  অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে ১৯৩০ চনতে বৃহত্তৰ প্ৰমিলাৰ বৰনামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন,ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পন, ভাগৱত শোভাযাত্ৰা আৰু ভকত আদৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। বাৰ্ষিক পালনামভাগত সকলো ভক্ত প্ৰান ৰাইজৰ উপস্থিতি একান্ত ভাবে কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ লগতে পৰিচালনা সমিতিয়ে।

Advertisment

 

NOGAON