ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত কাম কৰি অহা আগশাৰীৰ বেচৰকাৰী সংগঠন মেজিক বাছ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ কামৰূপ শাখাৰ ক্লাষ্টাৰ মেনেজাৰ হিৰণ্য বৈৰাগী আৰু জ্যেষ্ঠ শৈক্ষিক পৰামৰ্শদাতা চুমি কলিতাই সোমবাৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীক তেওঁৰ আমিনগাঁওস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। সাক্ষাৎ কালত মেজিক বাছৰ হিৰণ্য বৈৰাগী আৰু চুমী কলিতাৰ সৈতে আয়ুক্ত গৰাকীয়ে ছাত্ৰ- ছাত্ৰীসকলক লিখন কৌশল আৰু গণিত বিষয়ত কিদৰে গুণগত শিক্ষা দিব পৰা যায় সেই সম্পৰ্কে আলোচনাৰ অন্তত বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায় ।
উল্লেখ্য যে, উক্ত বেচৰকাৰী সংগঠনটোৱে বিগত জুন মাহত বানপানীৰ সময়ত দক্ষিণ কামৰূপৰ পলাশবাৰীত বানাক্রান্তৰ আশ্ৰয় শিবিৰত থকা ৪০টা শিশুক বানপানীৰ দুখ-দুদর্শাৰ মাজতো তেওঁলোকৰ মানসিক উৎকর্ষ সাধনৰ বাবে খেল- ধেমালিৰ মাধ্যমেৰে ব্যস্ত কৰি ৰাখি শিক্ষা প্ৰদান কৰিছিল।
আনকি শিবিৰ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো বেচৰকাৰী সংগঠনটোৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে হিৰণ্য বৈৰাগী আৰু চুমি কলিতাৰ সৈতে মত-বিনিময় কৰিছিল।