মাৰ্ঘেৰিটাৰ শালিনী আগৰৱালাৰ সাফল্য…

মাৰ্ঘেৰিটাৰ শালিনী আগৰৱালাৰ সাফল্য…

author-image
asomiyapratidin
New Update
মাৰ্ঘেৰিটাৰ শালিনী আগৰৱালাৰ সাফল্য…

ডিজিটেল সংবাদ. মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ শালিনী আগৰৱালাই সদ্য ঘোষিত চাটাৰ্ড একাউণ্টটেন অৱ ইণ্ডিয়া কলকাতাৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাতৰিয়ে তিনিচুকীয়া জিলাখনলৈ আশাৰ বতৰাৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে ৷ ২০১৪-১৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ পৰা অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ কেৱল ৪ নম্বৰৰ বাবে বঞ্চিত হৈছিল যদিও অৰ্থনীতি বিষয়ত অসমৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিছিল ।

Advertisment

উচ্চতৰ মাধ্যমিক শ্ৰেণীত সুখ্যাতিৰে উৰ্ত্তীণ হৈ কলিকতাস্থিত চাটাৰ্ড একাউণ্টটেণ্ট অৱ ইণ্ডিয়াত নাম ভৰ্তি কৰিবলৈ সক্ষম হয়৷ শালিনী মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক বিনোদ আগৰৱাল আৰু ছন্দা দেৱীৰ জীয়াৰী৷

উল্লেখ্য যে শালিনী আগৰৱালাৰ ভাতৃ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ প্ৰিয়াংশু আগৰৱালাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰত অষ্টম স্থান অধিকাৰ কৰি মাৰঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ ভাতৃ তথা জেষ্ঠ ভগ্নীৰ এই সফলতাই সমগ্ৰ তিনিচুকীয়া জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শালিনীক বিভিন্ন দল সংগঠন তথা শুভাকাংশী ৰাইজে শুভেচ্ছা জনাইছে।