চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত কৰ্তব্যৰত বনাঞ্চলিক বিষয়াৰ লগতে বনকৰ্মীক আক্ৰমণ

চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত কৰ্তব্যৰত বনাঞ্চলিক বিষয়াৰ লগতে বনকৰ্মীক আক্ৰমণ

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৰুণীখাতা বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰসহ বনকৰ্মীৰ ওপৰত চোৰাং কাঠৰ মাফিয়া আৰু বনভূমি দখলকাৰীৰ দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হয় ।

উক্ত দলবদ্ধ আক্ৰমণত গুৰুতৰ ভাৱে আহত বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰ সহ তিনিজন বনকৰ্মী। বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰ মূৰত আঘাত লাগে। গুৰুতৰ আহত অৱস্থাত তেওঁৰ লগতে বাকী তিনিজনক বৰ্তমান বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টিত দিনৰ পোহৰতে সংঘটিত এনে ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

এই ঘটনা সন্দৰ্ভত চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে উক্ত সংৰক্ষিত বনাঞ্চলৰ ওদালগুৰি- লাওপানী এলেকাত উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰিছিল । কিন্তু একাংশ ৰাজনৈতিক দলৰ উচটনিত অঞ্চলটোত পুনৰ বেদখল কৰি ঘৰ-দুৱাৰ সাজি থকাৰ খবৰ লাভ কৰি ৰুণীখাতাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত এটা বনবিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ অস্থায়ী ভাৱে নিৰ্মান কৰা ঘৰদুৱাৰ সমূহ ভাঙি দিছিল। উভতি অহাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।

এই আক্ৰমণৰ সময়ত কোনোমতে উক্ত স্থানৰ পৰা আঁতৰি অহাত তেওঁলোকৰ প্ৰাণৰক্ষা পৰে যদিও আক্ৰমণত বনাঞ্চলিক বিষয়াৰ লগতে বনকৰ্মী সকলৰ মোবাইল ফোন কেইটা আক্ৰমণকাৰী সকলে কাঢ়ি লৈ যায় । আজিৰ বনভূমি দখলকাৰীৰ দলবদ্ধ আক্ৰমণত ৰুণীখাতাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰৰ লগতে বনকৰ্মী দিব্যায়ন দেৱনাথ, ফৰেষ্ট বেটেলিয়ানৰ জোৱান দুজন ক্ৰমে ৰিয়াজুল হক, জুবেইৰ আলী আহত হয় ।

ইপিনে আজিৰ এই দলবদ্ধ আক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছত চিৰাং বনসংমণ্ডল বিভাগৰ দুজনকৈ উপসংমণ্ডল বিষয়া আৰু বনসুৰক্ষা বাহিনী আৰু আৰক্ষীৰ লোক ঘটনাস্থলীলৈ উপস্থিত হয়। কিন্তু বাতৰি যুগুত কৰা পৰ্যন্ত এই দলবদ্ধ আক্ৰমণৰ সৈতে জড়িত কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখ যে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ অঞ্চলত সংৰক্ষিত বনাঞ্চলত ক্ৰমাগত বনধ্বংস কাৰ্য্য বন্ধ কৰিবলৈ সাহসী বিষয়াজনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে যোৱা ডিচেম্বৰ মাহতো বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰৰ বাহনত বন মাফিয়াৰ দলে আক্ৰমণ কৰিছিল । বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ সমষ্টিত দিনৰ পোহৰতে কৰ্তব্যৰত বনবিভাগৰ বিষয়া-বনকৰ্মীক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰাৰ ঘটনাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত কৰ্তব্যৰত বনাঞ্চলিক বিষয়াৰ লগতে বনকৰ্মীক আক্ৰমণ
মণিপুৰলৈও ৰাম আহিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in