/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/madhab-dev-24.jpg)
ডিজিটেল সংবাদ নাৰায়ণপুৰঃ ঘোষণা কৰা হ'ল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি বিশ্ববিদ্যালয়খনৰ পৰা চলিত বৰ্ষত বিজ্ঞান শাখাত ৯৪.২০ শতাংশ আৰু কলা শাখাত ৮৮.২১ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৩৮ গৰাকী শিক্ষাৰ্থী। ইয়াৰ ভিতৰত ১৩০ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আনহাতে কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ২৮০ গৰাকী শিক্ষাৰ্থী। ইয়াৰ ভিতৰত মুঠ ২৪৭ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/c3a07e4e-56fb-4145-bb64-1993f604b568-742x1024.jpg)
উল্লেখ্য যে মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নিত হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে এই ফলাফল ঘোষণা কৰা হৈছে। বিশ্ববিদ্যালয়ৰ সভাকক্ষত উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাই এই ফলাফল ঘোষণা কৰে। ফলাফল ঘোষণাৰ সময়ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ শৰৎ হাজৰিকা আৰু উপ-পঞ্জীয়ক ড০ ক্ষীৰপদ দত্তৰ লগতে আন কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/f2136ad2-c8e8-49d1-af49-a294e48d72b3-742x1024.jpg)
আনহাতে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা বিশ্ববিদ্যালয়খনত ১৪ টা বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ হ'ব বুলিও সংবাদ মেলত প্ৰকাশ কৰে উপাচাৰ্য গৰাকীয়ে।