
ডিজিটেল ডেস্ক, গুৱাহাটী : আজি ঘোষণা হ'ল দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল। ফলাফল অনুসৰি মুঠ ২২ খন আসনৰ ভিতৰত ১২ খনত বিজেপিৰ মিত্ৰজোঁটে জয়লাভ কৰাৰ বিপৰীতে ৭খন আসনত বিজয় সাব্যস্ত কৰিলে জে পি পিয়ে। পৰিষদখনৰ নিৰ্বাচনত ৭ খনকৈ আসন জয়লাভ কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰা জে পি পি দলক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে ৷
দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিযোগে দেউৰী পৰিষদৰ নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী নৱনিৰ্বাচিত পাৰিষদক অভিনন্দন জনাই কয় যে শাসনাধিষ্ঠিত দল বিজেপিয়ে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰি ভীষণ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ পিছতো জে পি পি দলে ২২ খনৰ ৭ খন আসন দখল কৰিব পৰাটো আঞ্চলিকতাবাদৰ প্ৰতি ৰাইজৰ আস্থাৰ কথা সূচায় আৰু সেই দৃষ্টিকোণত জে পি পি দলটোক সকলোৱে অভিনন্দন জনোৱা উচিত ৷
আনহাতে ২২ খন আসনৰ আটাইকেইখন আসন পাম বুলি দাবী কৰা বিজেপিয়ে মাত্ৰ ১১ খন আসন লাভ কৰাটোৱে বিজেপিক যে ৰাইজে প্ৰত্যাখ্যান কৰিবলৈ লৈছে, তাৰে ইংগিত দিয়ে বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয়, "এয়া বিজেপিৰ পতনৰ আৰম্ভণিহে ৷ অনাগত দিনত অধিক ৰাজনৈতিক পতনৰ বাবে বিজেপি দল সাজু থাকক ৷"