লামডিঙৰ জাগ্ৰত দেৱী শীঁতলা মা মন্দিৰত চোৰৰ চাফাই অভিযান...

নিশা মন্দিৰত প্ৰৱেশ কৰি চুৰি কৰি লৈ যায় মন্দিৰৰ দান পাত্ৰ

author-image
Asomiya Pratidin
New Update
লামডিঙৰ জাগ্ৰত দেৱী শীঁতলা মা মন্দিৰত চোৰৰ চাফাই অভিযান...

lumding thief

ডিজিটেল সংবাদ, লামডিং : লামডিঙৰ ঐতিহ্যসিক মন্দিৰত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ লামডিঙৰ জাগ্ৰত দেৱী শীঁতলা মা মন্দিৰত চোৰে চলালে চাফাই অভিযান। নিশা মন্দিৰত প্ৰৱেশ কৰি চুৰি কৰি লৈ যায় মন্দিৰৰ দান পাত্ৰ।

উল্লেখ্য যে চোৰে চুৰি কৰা সমগ্ৰ দৃশ্য আবদ্ধ হৈ ৰ'ল মন্দিৰৰ চিচি টিভি কেমেৰাত ৷ কিছুদিন পূৰ্বেও লামডিঙৰ ৰামঠাকুৰ মন্দিৰ আৰু ৰাম কৃষ্ণ মন্দিৰত চোৰে চলাইছিল লুট-পাট ৷ মন্দিৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে লামডিং আৰক্ষী থানাত এই সন্দৰ্ভত ৰুজু কৰিছে গোচৰ ৷

lumding assam thief