
ডিজিটেল সংবাদ, লামডিংঃ বুধবাৰে নিশা লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড ৷ লামডিঙৰ হৰুলংফাৰ শীতঁলাবাড়ীত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড ৷
ছিপ্ৰা ধৰ নামৰ এগৰাকী মহিলাৰ ঘৰত জুই লগাৰ ফলত নিমিষতে জাহ যায় সম্পূৰ্ণ বাসগৃহটো ৷ অগ্নিকাণ্ডৰ ফলত ঘৰত থকা এটা ৰন্ধন গেছৰ চিলিণ্ডাৰো বিস্ফোৰণ হয় যাৰ ফলত সমগ্ৰ অঞ্চলজুৰি হুৱা-দুৱা লাগে ৷
জুইত কেইবালক্ষাধিক টকাৰ সা সম্পত্তি জাহ যোৱাৰ লগতে ১২-১৩টা ছাগলীও অগ্নিদগ্ধ হৈ মৃত্যু হয় ৷ স্থানীয় ৰাইজৰ তৎপৰতাত আৰু পলমকৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰে যাৰ ফলত আৰু অধিক ক্ষয় ক্ষতি হোৱাৰ পৰা সমগ্ৰ অঞ্চলটো ৰক্ষা পৰে ৷