দৰিদ্ৰতাৰ বাবেই এজন দক্ষ খেলুৱৈয়ে খেল এৰি দিব লগা হ'ল চাহৰ দোকান

দৰিদ্ৰতাৰ বাবেই এজন দক্ষ খেলুৱৈয়ে খেল এৰি দিব লগা হ'ল চাহৰ দোকান

ডিজিটেল সংবাদ, লামডিংঃ এজন দক্ষ খেলুৱৈ ৰূপত নিজকে প্ৰতিষ্ঠিত কৰা আগতে সপোন মৰহি গ'ল লামডিং এজন প্ৰতিভাৱান খেলুৱৈৰ ৷ দৰিদ্ৰতাৰ বাবেই এতিয়া লামডিং ৰাজপথত চাহৰ দোকান খুলিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৰাজা দাসে ৷

দিল্লীত অনষ্ঠিত হোৱা প্ৰথমখন খেলো ইণ্ডিয়াত অসমৰ পৰা প্ৰথম জন খেলুৱৈ হিচাপে "ৱাকিং ৰেছত" প্ৰতিনিধিত্ব কৰিছিল এই প্ৰতিভাৱান খেলুৱৈজনে ৷ ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰাজা দাসে মাত্ৰ ২৩ বছৰ বয়সতে ধনৰ অভাৱত খেলৰ পৰা বিদায় ল'বলগীয়াত পৰে ৷

আৰ্থিকভাৱে জুৰুলা কৰা ৰাজা দাসৰ দেউতাকে পাচলি বিক্ৰেতা হিচাপে কাম কৰি পৰিয়ালটোক পোহপাল দি আহিছে ৷ কিন্তু দৈনিক অনুশীলনৰ বাবে লাগতিয়াল খাদ্যকে ধৰি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈও অক্ষম হৈ পৰিছে প্ৰতিভাৱান যুৱকজনে ৷ সেয়হে খেল বাদ দি এতিয়া চাহৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰিছে ৷

দুৰ্ভাগ্যজনক কথা যে আজি পৰ্যন্ত লামডিং ক্ৰীড়া সংস্থাৰ পৰা কোনোধৰনৰ সহায়ৰ হাত আগবঢ়োৱা নাই ৷ কেৱল লামডিং সমষ্টিৰ বিধায়কে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যোৱাৰ সময়ত মাত্ৰ দুবাৰকৈ এহেজাৰ টকা প্ৰদান কৰাৰ লগতে এযোৰ পিন্ধা জোতা প্ৰদান কৰি সাহাস্য কৰিছিল ৷ ২০১৯ চনতেই "ৱাকিং ৰেছ" ৰ শেষৰখন প্ৰতিযোগিতাত অশংগ্ৰহন লৈয়ে সামৰণি মাৰিলে ৷

বৰ্তমান অসম আৰক্ষীৰ চাকৰিৰ বাবে নিজকে প্ৰস্তুত কৰিছে ৰাজাই ৷ চৰকাৰলৈ এটাই অনুৰোধ যদিহে চৰকাৰে সাহায্য কৰে তেনেহলে পুনৰ বাৰ সপোন সাৰ্থক হ'ব ৰাজাৰ ৷ অসমৰ লগতে দেশৰ বাবেও গৌৰৱ অৰ্জন কৰিবলৈ সুবিধা লাভ কৰিবলৈ সক্ষম হব ৰাজা।

দৰিদ্ৰতাৰ বাবেই এজন দক্ষ খেলুৱৈয়ে খেল এৰি দিব লগা হ'ল চাহৰ দোকান
আজি মহাকাশলৈ বুলি যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in