লামডিঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়-ছাত্ৰীবাসৰ শিলান্যাস…

লামডিঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়-ছাত্ৰীবাসৰ শিলান্যাস…

author-image
asomiyapratidin
New Update
লামডিঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়-ছাত্ৰীবাসৰ শিলান্যাস…

ডিজিটেল সংবাদ, লামডিং : হোজাই জিলাখনক শিক্ষাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত এক ঐতিহ্যাসিক দিন ৷ বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিঙত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিলান্যাস কৰা হয় ৷ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্তৰ উপস্থিতত বিদ্যালয়খনৰ শিলান্যাস কৰে ৷

Advertisment

হোজাই জিলাৰ ভিতৰতে এইখনেই প্ৰথম স্থায়ী বালিকা বিদ্যালয় আৰু ছাত্ৰীবাসৰ ব্যৱস্থা থকা চৰকাৰী বিদ্যালয় ৷ এই বিদ্যালয়খনত বিশেষকৈ আধাতে স্কুলীয়া জীৱন এৰা ছাত্ৰী সকলে অধ্যয়ন কৰিব পাৰিব। উপায়ুক্ত গৰাকীৰ মতে ভাৰতৰ ভিতৰত হোজাই জিলাতে সৰ্বাধিক আধাতে স্কুলীয়া জীৱন শেষ কৰাৰ ছাত্ৰীৰ সংখ্যা বেছি ৷ সেই সকল ছাত্ৰীৰ বাবে পঞ্চমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়াকৈ চৰকাৰে থকা খোৱাৰ ব্যৱস্থাৰ বাবে '১কোটি ৭০ লাখ টকা ব্যয়ৰ বিনিময়ত নগাঁৱৰ এন চি এন্টাৰপেৰাইজ কোম্পানীয়ে ঠিকা লৈছে ৷

উপায়ুক্ত গৰাকীয়ে ৬ মাহৰ ভিতৰত বিদ্যালয়খনৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব বুলি সদৰী কৰে ৷ তাৰোপৰি উপায়ুক্তগৰাকীয়ে লামডিংবাসী ৰাইজৰ লগতে পৌৰসভা, পঞ্চায়তৰ সকলো লোককে এই বিদ্যালয়ৰ কাম সঠিকভাৱে আৰু নিকাভাৱে যাতে হয় তাক প্ৰতি দৃষ্টি দিবলৈ আহ্বান জনায়।

এই শিলান্যাসত লামডিং পৌৰসভাৰ সকলো সদস্য তথা লামডিঙৰ প্ৰতিটো পঞ্চায়তৰ সভাপতি, সদস্য সকলো উপস্থিত থাকে ৷

lamding assam himanta biswa sarma