তীব্ৰ বেগী বাইকৰ বিদ্যুতৰ খুটাত প্ৰচণ্ড খুন্দা, থিতাতে নিহত আৰোহী...

শনিবাৰে নিশা লামডিঙত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এগৰাকী বাইক আৰোহী ৷
তীব্ৰ বেগী বাইকৰ বিদ্যুতৰ খুটাত প্ৰচণ্ড খুন্দা, থিতাতে নিহত আৰোহী...

ডিজিটেল সংবাদ, লামডিং: শনিবাৰে নিশা লামডিঙত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এগৰাকী বাইক আৰোহী ৷

লামডিং মাণ্ডলিক ৰেলৱে চিকিৎসালয়ৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ AS 09 B 8043 নম্বৰৰ এখন বাজাজ পালচাৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুতৰ খুটাত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে ৷

দুৰ্ঘটনাটোত নিহত বাইক আৰোহী জন লামডিং গান্ধী কলনিৰ নিৱাসী ২২ বছৰীয়া ৰোহিত ডুমাৰ বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ লামডিং ৰেলৱে চিকিৎসালয়ত বাইক আৰোহী গৰাকীক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

প্ৰত্যক্ষদৰ্শীৰ মতে তীব্ৰ গতীত বাইক চলোৱা তথা নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰাতে উক্ত ঘটনাটো সংঘটিত হৈছে বুলি জানিব দিয়ে।

আৰু পঢ়ক: চানচিল্ক চেম্পু বাদ দিয়ক! নিজৰ সংস্কৃতি মনত কৰক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in