বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ, গ্ৰেপ্তাৰ এজন...

অৱশেষত লামডিং আৰক্ষীৰ জালত কিশোৰী ধৰ্ষণৰ অভিযুক্ত।

author-image
Asomiya Pratidin
New Update
বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ, গ্ৰেপ্তাৰ এজন...

lumding rape case

ডিজিটেল সংবাদ, লামডিং: অৱশেষত লামডিং আৰক্ষীৰ জালত কিশোৰী ধৰ্ষণৰ অভিযুক্ত। ঘটনাৰ কেইবাদিন পাছত গ্ৰেপ্তাৰ কৰিলে অভিযুক্তক।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি লামডিঙত ৯ চেপ্টেম্বৰত সংঘটিত হৈছিল এক জঘন্য ঘটনা। এজন পাষাণৰ কামনাৰ বলি হৈছিল এটি ১৫ বছৰীয়া বিশেষভাৱে সক্ষম কিশোৰী ৷

লামডিং হাতীখুলী দীপক গৌৰ নামৰ যুৱকজনে চুবুৰীৰে এজন কিশোৰী গৰাকীৰ লগত খেলাৰ চলেৰে যৌন নিৰ্যাতন কৰি পলায়ন কৰিছিল।

পৰৰ্ৱতী সময়ত কিশোৰী গৰাকীৰ পিতৃয়ে লামডিং থানাত গোচৰু ৰুজু কৰিছিল ৷

গোচৰৰ ভিত্তিত লামডিং আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত আৰক্ষীয়ে মঙলবাৰে নিশা মুৰাবস্তিৰ পৰা আটক কৰে অভিযুক্ত দীপক গৌৰক ৷

অভিযোগ অনুসৰি দীপকে কৰা জঘন্য ঘটনাক গাপ দিবলৈ চেষ্টা চলাইছিল দীপকৰ পৰিয়াল বৰ্গই। লামডিঙত সঘনাই সংঘটিত হোৱা এনে ধৰণৰ অসামাজিক ঘটনাই চিন্তিত কৰি তুলিছে সচেতন মহলক।

rape case assam crime Assam police