উ: পূ: সীমান্ত ৰে'লৱে এমপ্লয়িজ ইউনিয়ন লামডিং মণ্ডলৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা সম্পন্ন...

উত্তৰ পূৱ ৰেলৱে সীমান্ত এমপ্লয়িজ ইউনিয়নৰ সাধাৰন সম্পাদক মুনিন্দ্ৰ শইকীয়াৰ সংবাদমেল

author-image
Asomiya Pratidin
New Update
উ: পূ: সীমান্ত ৰে'লৱে এমপ্লয়িজ ইউনিয়ন লামডিং মণ্ডলৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা সম্পন্ন...

lumding railway

ডিজিটেল সংবাদ, লামডিঙ : শনিবাৰে লামডিং ৰে'লৱে ইনষ্টিটিউটত উত্তৰ পূব সীমান্ত ৰে'লৱে এমপ্লয়িজ ইউনিয়ন লামডিং মণ্ডলৰ ১০ সংখ্যক দ্বিবাৰ্ষিক সাধাৰণ সভা তথা ১১ সংখ্যক লামডিং শাখাৰ সভা অনুষ্ঠিত হয়।

Advertisment

লামডিং এমপ্লয়িজ উনিয়নৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ বিভিন্ন শাখা পৰা লামডিং ৰে'ল মণ্ডলৰ প্ৰায় এক হাজাৰৰো অধিক ৰে'ল শ্ৰমিকে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত আছিল উত্তৰ পূব সীমান্ত ৰে'লৱেৰ এমপ্লয়িজ ইউনিয়নৰ সধাৰণ সম্পাদক মুনিন্দ্ৰ শইকীয়া আৰু লগতে সংগঠনটোৰ বহু বিশিষ্ট নেতা ।

সভাৰ লগত সংগতি ৰাখি এখনি সংবাদমেলৰ জৰিয়তে এমপ্লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনিন্দ্ৰ শইকীয়াই চৰকাৰৰ নীতিক বিৰুদ্ধ কৰি নতুন পেঞ্চনন নীতি, ৰে'লৱেৰ চিকিৎসালয়ত উপযুক্ত চিকিৎসকৰ সমস্যাকে ধৰি ৰে'ল শ্ৰমিকৰ বিভিন্ন সমস্যাৰ কথা সংবাদিকৰ আগত অৱগত কৰে।

বৰ্তমান চৰকাৰে ৰে'ল বিভাগক ব্যক্তিকৰণ কৰাৰ যি চক্ৰান্ত কৰিছে সেয়া কেতিয়াও মানি লোৱা নহ'ব বুলিও কয়। শ্ৰমিকৰ সমস্যাৰ বাবে নেতাগৰাকীয়ে প্ৰতিবাদ কৰি থাকিব বুলি মন্তব্য কৰে ৷

লামডিংত অনুষ্ঠিত হোৱা এই সভাত ৰে'ল কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে লামডিং শাখাৰ এমপ্লয়িজ ইউনিয়নৰ নতুন কমিটি গঠন কৰা হয় ৷

আৰু পঢ়ক : জোনাইৰ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ...

assam lumding railway meeting