/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a4b39d34-522e-4fb2-a4cd-432bb6b2dca9/fffr.jpg)
ডিজিটেল সংবাদ, লামডিং: লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যলয়ত উত্তপ্ত পৰিস্থিতি ৷ শুকুৰবাৰে হাজাৰ লোকে ঘেৰাও কৰিলে কাৰ্যলয়ৰ চৌহদ ৷ পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰ পি এফ অসম আৰক্ষী মোতায়ন কৰে ৰেল বিভাগে ৷
উল্লেখ্য যে ৰেল বিভাগৰ অন্তৰ্গত থকা কাৰ্বি আংলং জিলাৰ ডিফুত একাংশই ৰেলৱে মাটি দখল কৰি ১৯৭২ চনৰ পৰাই প্ৰায় পাঁচ হাজাৰৰো অধিক পৰিয়ালে বসবাস কৰি আহিছে ৷ পোন্ধৰ খনৰো অধিক বিদ্যালয় ,চৰকাৰী কাৰ্যালয় , মঠ মন্দিৰ ধৰ্মীয় অনুষ্ঠানকে ধৰি প্ৰায় ২০ হাজাৰো অধিক লোক সংস্থাপিত হৈ আছে ৷
কিন্তু ৰেল বিভাগে হঠাৎ ডিফুৰ শীতলাবাড়ী, ৰেলৱে কলনি, বাঘমাৰী, চৰচৰি আদি অঞ্চলৰ লোকসকললৈ এক জাননী প্ৰেৰণ কৰে ৷ জাননীত উল্লেখ কৰা অনুসৰি ৰেল বিভাগৰ মাটিত যি সকলে বসবাস কৰি দখল কৰি আছে সেই অঞ্চলসমূহ উচ্ছেদ অভিযান চলাই বেদখমুক্ত কৰিব ৷ জাননী পোৱাৰ পিছতে ডিফুৰ লোকসকলৰ মাজত এক হাহাকাৰময় পৰিবেশ সৃষ্টি হয় ৷
কিয়নো ২০ হাজাৰৰো অধিক লোকৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিদ্যালয় মঠ মন্দিৰ কাৰ্যলয়সমূহও উচ্চেদ হ'ব ৷ ফলত সেই এলেকাৰ লোকসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে ৰেল বিভাগে ৷ সেয়হে এই সন্দৰ্ভত ডিফুৰ মুৰব্বী সকলে লামডিঙ মাণ্ডলিক প্ৰৱন্ধক গৰাকী সৈতে এখন আলোচনতা মিলিত হ'ব বিচাৰিছল ৷ সেই মৰ্মে আজি প্ৰৱন্ধক গৰাকীয়ে নথি পত্ৰ লৈ লোক সকলক কাৰ্যলয়লৈ আহিবলৈ নিৰ্দেশ দিছিল ৷
প্ৰৱন্ধকগৰাকীৰ নিৰ্দেশ অনুযায়ী আজি ডিফুৰ পৰা প্ৰায় হাজাৰ হাজাৰ লোক কাৰ্যলয়ত উপস্থিত হয় যদিও প্ৰন্ধৱগৰাকীয়ে সাক্ষাৎ নকৰিলে ডিফুৰ লোক সকলৰ সৈতে ৷ প্ৰৱন্ধক গৰাকীৰ এনে কাৰ্য্যত ক্ষোভিত হৈ পৰে লোক সকল পৰৱৰ্তীসময়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ তৎক্ষানিক ভাৱে ৰেলৱে আৰক্ষী, আৰ পি এফ আৰু লামডিং আৰক্ষী মোতায়ন কৰে ৷ পৰৰ্বতী সময়ত এই যদি ৰেলবিভাগে সঠিক পদক্ষেপ গ্ৰহণ নকৰে আৰু এই বৃহৎ লোকক উচ্ছেদ কৰে তেনেহলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ জনায় ৷
আৰু পঢ়ক: মঙলদৈত অনুষ্ঠিত উত্তৰ-পূৱ ভাৰত ডবা খেল প্ৰতিযোগিতা