/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/165e5c21-b601-47a1-837d-be87d64edd39/protestr.jpg)
ডিজিটেল সংবাদ, লামডিং - ১২ অক্টোবৰত অল ইণ্ডিয়া ৰেল'ৱেমেনচ ফেডাৰেছন চমুকৈ এ. আই. আৰ. এফৰ আহ্বানত সমগ্ৰ ভাৰতব্যাপী অনুষ্ঠিত কৰে ছয় ঘন্টীয়া অনশন কাৰ্যসূচী। ইয়াৰে অংশ হিচাপে ৰেল নগৰী লামডিংস্থিত ৰেল'ৱেৰ মাণ্ডলিক প্ৰৱন্ধক কাৰ্যালয়ৰ সন্মুখত এন. এফ. ৰেল'ৱে মজদুৰ ইউনিয়ন, লামডিং শাখাই পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈকে এই কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত শতাধিক মজদুৰ ইউনিয়নৰ সদস্যই অংশগ্ৰহণ কৰে।
তদুপলক্ষে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত বিভিন্ন বক্তাই ভাষণ প্ৰসংগত উল্লেখ কৰে যে নতুন পেঞ্চন নীতি যুৱ কৰ্মচাৰীৰ বাবে এক ভয়াবহ সমস্যা হৈ পৰিছে । ইয়াৰ ফলত তেওঁলোকৰ সামাজিক নিৰাপত্তা নোহোৱা হৈ পৰিছে । ই যেন বৰ্তমান সময়ত "কৰোনা ভাইৰাছতকৈও অধিক ভয়ংকৰ হৈ উঠিছে।
প্ৰসংগত তেওঁলোকে কয় যে সুদীৰ্ঘকাল চাকৰি কৰাৰ পাছত বৃদ্ধাৱস্থাত পেঞ্চনেই একমাত্ৰ ভৰষা । কিন্তু ২০০৪ বৰ্ষৰ পহিলা জানুৱাৰীৰ পাছত নিযুক্তি প্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ অধিকাৰ কাঢ়ি নিয়াত এই সকল কৰ্মচাৰীৰ ভৱিষ্যত অন্ধকাৰময় হৈ পৰিছে । অকল ৰে'ল বিভাগতে আঠ লক্ষাধিক ৰে'ল কৰ্মচাৰীক নতুন পেঞ্চন নীতিৰ আওতালৈ আনি চাকৰিয়াল সকলৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা হৈছে ।
এ. আই. আৰ. এফ তথা ইয়াৰ অংগীভূত সংগঠন সমূহে আৰম্ভণিৰে পৰা এই নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি আহিছে আৰু এনে বৈষম্যমূলক নীতি প্ৰত্যাহাৰ কৰি সকলোৰে বাবে পুৰণি পেঞ্চন নীতি বাহাল নকৰা পৰ্য্যন্ত এ আই আৰ এফ আৰু এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ আন্দোলন অব্যাহত ৰাখিব ।
তদুপৰি, নতুন পেঞ্চন নীতিৰ দৰে ৰাজহুৱা সম্পত্তিৰ ব্যক্তিগতকৰণেও চাকৰিয়াল আৰু দেশবাসী এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে । বৰ্তমানৰ চৰকাৰে দেশৰ সম্পদ সমূহ এপদ এপদকৈ বিক্ৰী কৰিব ধৰিছে । ৰে'লৰ দৰে চৰকাৰী খণ্ডৰ এক বৃহৎ লাভজনক উদ্যোগ ব্যক্তিগত কৰণ কৰা কাৰ্যই হ'ল ৰাজহুৱা সম্পত্তিৰ জৰিয়তে ব্যক্তি বিশেষৰ কোম্পানীক প্ৰত্যক্ষ ভাৱে ধন ঘটাৰ পথ মুকলি কৰি দিয়া ।
একেদৰে নতুন নতুন প্ৰকল্পৰ বাবে পদ সৃষ্টি নকৰি এহাতে কৰ্মৰত চাকৰিয়ালৰ ওপৰত কামৰ বোজা অত্যাধিক জাপি দিয়া হৈছে আৰু আনহাতে নিৱনুৱা যুৱক-যুৱতীক চাকৰিৰ পৰা বঞ্চিত কৰিছে । বক্তাসকলৰ ভাষণত উল্লেখ হয় যে যদিহে কেন্দ্ৰীয় চৰকাৰে অনতিপলমে এনে জন বিৰোধী আঁচনিসমূহ বন্ধ নকৰে তথা নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থাৰ প্ৰৱৰ্তন নকৰে, তেনেহলে ভৱিষ্যতে এ. আই. আৰ. এফ তথা এন. এফ. ৰেল'ৱে মজদুৰ ইউনিয়নে অঘোষিত তথা অনিৰ্দিষ্টকালীন ধৰ্মঘটলৈ আগবাঢ়ি যাব।
নতুন পেঞ্চন নীতি বাতিল, ব্যক্তিগতকৰণ, পদ কৰ্তন, নতুন নিযুক্তি বন্ধ কৰা, "কভিড"কালীন সময়ত বন্ধ কৰি ৰখা ১৮ মাহৰ বকেয়া মৰগীয়া বানচৰ এৰিয়াৰ প্ৰদান কৰা আদিৰ দৰে কেইবাদফা দাবীৰ সমৰ্থনত আজিৰ এই অনশন ধৰ্মঘট পালন কৰা হয়। অনুষ্ঠিত প্ৰতিবাদী সভাত মজদুৰ ইউনিয়ন লামডিং শাখাৰ সভাপতি আনন্দ কুমাৰ ঝা, সম্পাদক তৰুণ চৌধুৰী, যুগ্ম সম্পাদক পলাশ লোচন বৰা, জয়দীপ ব্ৰহ্ম, অখিলেশ দত্ত, কোষাধ্যক্ষ ৰাজীৱ নন্দী, উপ সভাপতি প্ৰনৱ চন্দ, কেন্দ্ৰীয় ষ্টেণ্ডিং কমিটিৰ সদস্য কুমুদ ৰঞ্জন দে, আৰ. কে. পাচোৱান, ৰাহুল কুমাৰ শৰ্মাকে আদি কৰি বিভিন্নজন বক্তাই বক্তৃতা প্ৰদান কৰে।