দক্ষিন লামডিং পঞ্চায়তত ব্যাপক দুৰ্নীতি...

চৰকাৰে অহৰহ ৰাইজৰ সুবিধাৰ্থে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে ৷ তাৰ মাজতে আকৌ একাংশই ৰাইজৰ প্ৰাপ্য আত্মসাৎ কৰি আহিছে ৷ লামডিঙতো এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে ৷

author-image
Asomiya Pratidin
New Update
দক্ষিন লামডিং পঞ্চায়তত ব্যাপক দুৰ্নীতি...

lumding panchayat scam

ডিজিটেল সংবাদ,লামডিং- চৰকাৰে অহৰহ ৰাইজৰ সুবিধাৰ্থে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে ৷ তাৰ মাজতে আকৌ একাংশই ৰাইজৰ প্ৰাপ্য আত্মসাৎ কৰি আহিছে ৷ লামডিঙতো এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে ৷

দক্ষিণ লামডিং পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যপক অনিয়ম চলাৰ লগতে বিভিন্ন ৰাইজে তেওঁলোকৰ প্ৰাপ্যৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকৰ বাবে প্ৰৱৰ্তন কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাডৰ ধন লৈ সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। এই দুৰ্নীতি অভিযোগ দক্ষিণ লামডিং পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ ভুক্তভোগী হিতাধিকাৰীৰ।

হোজাই জিলাৰ লামডিং উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তৰ ৱাৰ্ডত সংঘটিত হৈছে এই দুৰ্নীতি। দক্ষিণ লামডিঙ পঞ্চায়তৰ প্ৰতিনিধি বিষয়-ববীয়াৰ বিৰুদ্ধে উঠিছে অভিযোগ। প্ৰাপ্ত অভিযোগ অনুযায়ী পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা নিৰ্মল তালুকদাৰৰ লগতে আৰু কেইবাজনো লোকৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাডৰ ধন এনেধৰণৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

হোজাই জিলাৰ অন্তৰ্গত দক্ষিণ লামডিং পঞ্চায়তৰ হিতাধিকাৰীৰ প্ৰধান মন্ত্ৰীৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধন পাব বুলি কৈছিল যদিও প্ৰকৃতি হিতাধিকাৰী এতিয়াও সেই জব কাৰ্ডৰ ধনৰ পৰা বঞ্চিত হৈ আছে । দক্ষিণ লামডিঙ পঞ্চায়তৰ প্ৰতিনিধি আৰু বিষয়-ববীয়া আৰু প্ৰধান মন্ত্ৰী গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধন আত্মসাত কৰাৰো অভি়যোগ তুলিছে একাংশ ৰাইজে ৷ এই ঘটনা সন্দৰ্ভত গঞাৰ একাশই অতিষ্ট হৈ হোজাই জিলা উপায়ুক্তৰ লগতে খণ্ডবিষয়ালৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে।

lumding assam