লামডিং জংচনত জব্দ ৩৩ লাখ ৭০ হাজাৰ টকা...

১২০৬৮ নামনিমুৱা যোৰহাট টাউন-গুৱাহাটী জন শতাব্দী ৰে'লৰ ডি-৬ ডবাৰ ১০৮ নম্বৰ চিটৰ পৰা ৰে'ল আৰক্ষী তথা আৰ পি এফৰ অভিযানত উদ্ধাৰ হৈছে ধনখিনি

author-image
Asomiya Pratidin
New Update
লামডিং জংচনত জব্দ ৩৩ লাখ ৭০ হাজাৰ টকা...

lumding railway

ডিজিটেল সংবাদ, লামডিং : ভাৰতীয় ৰে'লত এতিয়া নিষিদ্ধ সামগ্ৰী সৰৱৰাহ নহয়, সৰৱৰাহ হৈছে লাখ লাখ নগদ ধন ৷ লামডিং জংচনত টকাৰ উজান উঠিছে ৷ লামডিং জংচনত চলন্ত ৰে'লৰ পৰা আৰ পি এফৰ চি আই বি, এছ আই বি আৰু ৰে'ল আৰক্ষীৰ যৌথ অভিযানত বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৩০ বজাত বৃহৎ পৰিমাণৰ টকা জব্দ কৰা হয়।

Advertisment

১২০৬৮ নামনিমুৱা যোৰহাট টাউন-গুৱাহাটী জন শতাব্দী ৰে'লৰ ডি-৬ ডবাৰ ১০৮ নম্বৰ চিটৰ পৰা ৰে'ল আৰক্ষী তথা আৰ পি এফৰ অভিযানত উদ্ধাৰ হৈছে ধনখিনি।অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে ৩৩ লাখ ৭০ হাজাৰ জব্দ কৰিবলৈ সক্ষম হয়।

এই ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষী সূত্ৰে প্ৰকাশ কৰামতে শৰ্মিলা মাহাতু নামৰ এগৰাকী মহিলাই এই বৃহৎ পৰিমাণৰ ধনৰাশি ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰৱৰাহ কৰিছিল ৷ ৰে'ল আৰক্ষীয়ে সমগ্র বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীয়ে কোনো ব্যক্তিৰ ক'লা ধন সৰৱৰাহ কৰা নাইবা কৰ ফাকি দিয়াৰ উদ্দেশ্যৰে এইদৰে ৰে'লযোগে এই বৃহৎ ধনৰাশিসমূহ সৰবৰাহ কৰা বুলি সন্দেহ কৰিছে ৷

assam lumding railway