ডিজিটেল সংবাদ, লামডিংঃ লামডিং সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । লামডিং জৰংদিচা কবৰখোলাৰ পৰা প্ৰায় দুমাহ ধৰি নিৰুদ্দেশ হৈ আছে এগৰাকী ১৫ বছৰীয়া কিশোৰী । যোৱা ২০ জুনৰ পৰা সন্ধানহীন হৈ আছে ৰচিদা বেগম নামৰ কিশোৰীগৰাকী।
কিশোৰীগৰাকী নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰলোকে লামডিং আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ ডেৰ মাহ উকলি যোৱাৰ পাছতো আৰক্ষীয়ে কিশোৰী গৰাকীৰ শুং সূত্ৰ উলিয়াই দিব পৰা নাই বুলি অভিযোগ কৰে ভুক্তভোগী পৰিয়ালটোৱে ৷
আনফালে হৰি ওম টিলা হাইস্কুলৰ দশম শ্ৰেণীত পঢ়ি থকা ৰচিদাই যোৱা ২০ জুনত টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও ঘৰলৈ উভতি নাহিল কিশোৰীগৰাকী ৷ ঘৰখনৰ একমাত্ৰ কন্যা সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হয় ৷ আৰক্ষী সহায় নোপোৱাত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপে পৰিয়ালটো ৷ ৰাজ্যত সঘনাই কিশোৰী তথা যুৱতী সন্ধানহীন হোৱা ঘটনাই চিন্তনীয় কৰি তুলিছে সকলোকে।