পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ ব্যক্তি

বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ এগৰাকী ব্যক্তি ৷ এইবাৰ ঘটনা লামডিঙৰ ৷

author-image
Asomiya Pratidin
New Update
পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ ব্যক্তি

ডিজিটেল সংবাদ, লামডিং: পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ এগৰাকী ব্যক্তি ৷ এইবাৰ ঘটনা লামডিঙৰ ৷

Advertisment

লামডিং পটুপথাৰৰ ফুলীয়া বস্তিৰ নিৱাসী ৫৫ বছৰীয়া কৃষ্ণা চৌহান নিৰুদ্দেশ হয় বহি:ৰাজ্যত ৷ ডিব্ৰুগড়-বাঙ্গালোৰ যশৱন্তপুৰ এক্সপ্ৰেছ ৰে'লেৰে লামডিঙৰ পৰা বাঙ্গালোৰলৈ বুলি কামৰ সন্ধানত যাত্ৰা কৰিছিল ৷

কিন্তু অন্ধপ্ৰদেশৰ নিলো ষ্টেচন পোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ সৈতে ব্যক্তি গৰাকীৰ যোগাযোগ বিচিন্ন হয় ৷ এই সন্দৰ্ভত পৰিয়ালৰলোকে লামডিং জি আৰ পি ত এখন এজেহাৰ দাখিল কৰিছে। কিন্তু এতিয়ালৈকে কোনো সন্ধান নাই ব্যক্তিগৰাকীৰ ৷

assam Assam police lumding