/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/fcb4f650-19fd-4a07-a107-ca931a3c623a/lumding.jpg)
lumding dance drama
ডিজিটেল সংবাদ, লামডিং : আজি মহালয়া ৷ দেৱী দুৰ্গা ধৰালৈ নামি আহি দুষ্ট শক্তিক দমন কৰি শান্তি তথা অশ্বৈৰ্য ঘূৰাই আনিব পৃথিৱীলৈ ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে মহালয়াৰ বিভিন্ন অনুষ্ঠান ৷
লামডিঙতো আয়োজন কৰা হৈছে মহালয়াৰ বিভিন্ন অনুষ্ঠান ৷ লামডিঙৰ ঐতিয্যমণ্ডিত কালিবাড়ী মন্দিৰৰ প্ৰাঙ্গনত বাংলা সাহিত্য সংস্কৃতি মঞ্চৰ উদ্যোগত "মহিষাসুৰমৰ্দিনী" এখনি গীতি নাটিকা অনুষ্ঠিত কৰা হয় ৷
এই অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত থকাৰ লগতে লামডিঙৰ শ শ লোকে গীতিনাটিকাখন উপভোগ কৰি অপ্লুত হৈ পৰা পৰিলক্ষিত হয়।