অনুমতিৰ অবিহনে ৭ বছৰ: অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৪০ লাখ টকাৰ জিঅ' টাৱাৰ...

অনুমতিৰ অবিহনে ৭ বছৰ: অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৪০ লাখ টকাৰ জিঅ' টাৱাৰ...

ডিজিটেল সংবাদ, লামডিং : লামডিঙত অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত ভস্মীভূত হ'ল ৪০লাখ টকা মূল্যৰ জিঅ' টাৱাৰ। লামডিঙৰ ৰে'লৱে প্ৰতিষ্ঠান(ইনষ্টিটিউট) চৌহদত সংঘটিত হয় এই অগ্নিকাণ্ড৷

প্ৰতিষ্ঠানটোৰ চৌহদত থকা জিঅ' কোম্পানীৰ মোবাইল টাৱাৰৰ ট্ৰাঞ্চফৰমাৰত সংঘটিত হয় এই ঘটনা ৷ অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে যদিও জুইত জাহ যায় টাৱাৰটোৰ ডিজি মেচিনসহ বহু সামগ্ৰী ৷ জিঅ' কোম্পানীৰ প্ৰায় ৪০ লাখ টকাৰ সামগ্ৰী জুইত নষ্ট হোৱাৰ কথা প্ৰকাশ পাইছে ৷

ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে সমগ্ৰ ইনষ্টিটিউট ক'লনি ৷ আনহাতে ৰে'লৱে বিভাগ তথা ৰে'লৱে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ কোনো অনুমতি অবিহনে এই টাৱাৰটো বিগত ৭ বছৰে উক্ত স্থানত স্থাপন কৰাৰ গুৰুত্ব অভিযোগ তুলিছে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৷

অনুমতিৰ অবিহনে ৭ বছৰ: অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৪০ লাখ টকাৰ জিঅ' টাৱাৰ...
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: ১ কোটি ৯ লাখ ৯৬ হাজাৰ টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in