/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/himanta-dance.jpg)
ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত দ্বিতীয় পয্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী ৷ মঙলবাৰে বিয়লি অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ। সেয়ে আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লামডিঙত ৰূপক শৰ্মা হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ লামডিঙত উপস্থিত হৈ হিমন্তই লামডিং নেচেনেল স্কুলৰ খেল পথাৰৰ পৰা লামডিং বজাৰৰ ঠাকুৰবাড়ী ৰ'ডলৈ কে কৰাৰ লগতে এক বিশাল জনসভাক সম্বোধন কৰে ৷ সভাখনত মন্ত্ৰী গৰাকীয়ে পুলৱামাৰ ঘটনাৰ প্ৰতুত্ত্যৰ প্ৰধানমন্ত্ৰী মোদীয়ে যি ধৰণে দিলে সেয়া কাছাবে মুম্বাইত আক্ৰমণ কৰোতে কংগ্ৰেছে দিয়া নাচিল বুলি কয় ৷
লগতে সোমবাৰে লামডিঙত কংগ্ৰেছৰ প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী শেফালী দেয়ে বহু সমৰ্থক লৈ হিমন্তৰ উপস্থিতিত বিজেপিত যোগদান কৰে ৷ আনফালে মন্ত্ৰীগৰাকীয়ে উন্নয়নৰ সন্দৰ্ভত কয় যে অসমৰ ধনী দুখীয়া সকলো ছোৱালীয়ে বিবাহত বহিলে অসম চৰকাৰে এক তোলাকৈ সোণ প্ৰদান কৰিব ৷ কিন্তু এই বিয়া ৰেজিষ্টাৰ হোৱাটো অনিবাৰ্য যিহেতু এখন বিবাহ ৰেজিষ্টাৰ হলে বাল্য বিবাহ বন্ধ হব আৰু অসমৰ ছোৱালী নিৰাপদ হব ৷ কংগ্ৰেছক সমালোচনা কৰি ডঃ শৰ্মাই কয় যে- কংগ্ৰেছৰ দিনত ৰাইজক তিনিশ টকীয়া সূতা বিলাইছিল । কিন্তু বিজেপি চৰকাৰে বিদ্যালয়-মহাবিদ্যালয় সমূহত বিনামূলীয়া নামভৰ্তিকে ধৰি বিনামূলীয়া কিতাপো প্ৰদান কৰিছে ৷ ইয়ৰোপৰি গাঁৱৰ পৰা চহৰৰ ভাল মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ্থীৰ হোষ্টেলৰ ৭০০টকা চৰকাৰে ভৰিব ৷ অটল অমৃত যোজনাৰ কাৰ্ডৰ জড়িয়তে শিশু চিকিৎসা, আই চি ইউ , বাহন দুৰ্ঘটনা আদি সমূহতো দুই লাখ টকাকৈ চৰকাৰৰ পৰা পাব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/896f3963-e2c4-4d80-8c85-b10b71837ba6.jpg)
এপ্ৰিল মাহৰ পৰা অসমৰ সকলো বৃদ্ধই পাব বৃদ্ধ পেঞ্চন ৷ বিধবা মহিলায়ো একালীন অনুদান দিয়াৰ কথাও ব্যক্ত কৰে। মন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে-পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মহিলা সকলৰ আত্মসহায়ক গোটক পাঁচ বছৰত পাঁচ হাজাৰ টকা দিয়ে। অৰ্থ্যৎ মাহে ১২ টকা দিয়ে। কিন্তু তৰুণ গগৈয়ে কয় অসমৰ মহিলা হেমামালিনী হব লাগে। কিন্তু ১২ টকাত কেনেকৈ হেমামালিনী হব। প্ৰতিটো কথাতে বাদ দিয়ক বুলি কোৱা আমি তৰুণ গগৈ আৰু কংগ্ৰেছকে বাদ দি উন্নয়ণৰ কাম কৰি গৈছো। সভাৰ শেষত মঞ্চতেই হিমন্তৰ জঁপিয়াই জপিয়াই নৃত্য পৰিবেশন কৰাৰ লগতে সভাত উপস্থিত থকা হাজাৰ ভোটাৰেও হিমন্তৰ সমান্তৰালকৈ নৃত্য পৰিবেশন কৰে।
উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তিনিটাকৈ লোকসভা সমষ্টিৰ বাবে প্ৰচাৰ চলাই। সেই উদ্দেশ্যৰে পুৱাৰ ভাগত তেওঁ ডিফু আৰু বৈঠালাংচুত স্বায়ত্বশাসিত সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেন সিং বেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লোৱাৰ পিছত নগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰুপক শৰ্মাৰ হৈ লামডিং আৰু বঢ়মপুৰত প্ৰচাৰ সভাত অংশ লয়। শেষত তেওঁ মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ অভিযান চলায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us