লামডিঙত বানৰ তাণ্ডৱ; ঘৰৰ ওপৰত আশ্ৰয় বন্যাৰ্তৰ…

লামডিঙত বানৰ তাণ্ডৱ; ঘৰৰ ওপৰত আশ্ৰয় বন্যাৰ্তৰ…

author-image
asomiyapratidin
New Update
লামডিঙত বানৰ তাণ্ডৱ;  ঘৰৰ ওপৰত আশ্ৰয় বন্যাৰ্তৰ…

ডিজিটেল সংবাদ,লামডিঙ: ৰেল নগৰ লামডিঙত হঠাৎ আহিল বানপানী ৷ কৃত্ৰিম বানপানী কবলত বৰ্তমান লামমডিঙৰ বিভিন্ন অঞ্চল ৷ পুৱতি নিশাৰ পৰা হোৱা মুষলধাৰ বৰষুনৰ ফলত লামডিঙৰ প্ৰায় অঞ্চল এতিয়া পানীৰ কৱলত ৷

Advertisment

পুৱতি নিশাৰ পৰা ধাৰাষাৰ বৰষুন হোৱাত লামডিঙৰ প্ৰতিটো পঞ্চায়তৰ অন্তৰ্গতত থকা প্ৰতিটো ৱাৰ্ডৰ ৰেলৱে আবাসগহৰ পৰা সাধাৰন ৰাইজৰ ঘৰলৈকে সোমাইছে এককাল পানী ৷ ক্ৰচিং গেট, নিউকলনী পাম্প ৰ'ড নবীনপল্লী ,হাতিভাঙা কলনী , নদীপাৰ সমাজবাড়ী, লেঙেৰা বস্তিকে ধৰি আদি অঞ্চলসমূহ সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে ৷

আনফালে পানী গতি বেছি হোৱাত লামডিঙ এক নং শাস্তি গাঁও আৰু লামডিঙ টাউন সংযোগী পথৰ কালভাৰ্ত ওপৰত থকা দলং ভাঙি পৰাত প্ৰায় পাচঁখন গাঁৱৰ সৈতে লামডিঙ টাউনলৈ অহা যাতায়তৰ পথ সম্পূৰ্নৰূপে বিচিন্ন হৈ পৰিছে ।

ৰাইজৰ অভিযোগ যে এই অঞ্চলসমূহত উন্নতমানৰ নলাৰ সুবিধা নথকাৰ ফলত হঠাৎ এদিনৰ ভিতৰতে এনে অভাৱনীয় পৰিস্থিতিৰ সন্মূখীন হ'ব লগা হৈছে লামডিঙৰ ৰাইজে ৷ আনফালে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লামডিঙ বিদ্যুত বিভাগে সতৰ্কতা জাৰী কৰে আজিৰ দৰে লামডিঙবাসীয়ে এনে বানপানী কাহানীও সন্মূখীন হব লগীয়া হোৱা নাছিল ৷ লামডিঙ আৰক্ষীয়ে পৰিস্থিতিৰ বুজ লবলৈ জলমগ্ন হৈ থকা অঞ্চলসমূহত উপস্থিত হয়।

আৰু পঢ়ক: কংগ্ৰেছ ত্যাগ, গোলাম নবী আজাদে শীঘ্ৰেই গঠন কৰিব নতুন ৰাজনৈতিক দল…

lumding flood assam