লামডিং বিবেকানন্দ ৰে'লৱে খেলপথাৰত নতুনকৈ ফ্লাড লাইটৰ ব্যৱস্থা কৰা হয়...

প্ৰায় ৭৯ লাখ টকা ব্যয়েৰে সংযোজন কৰা ফ্লাড লাইটৰ শুভ উদ্বোধন হয়

author-image
Asomiya Pratidin
New Update
লামডিং বিবেকানন্দ ৰে'লৱে খেলপথাৰত নতুনকৈ ফ্লাড লাইটৰ ব্যৱস্থা কৰা হয়...

lumding flood light

ডিজিটেল সংবাদ, লামডিঙ : ৰে'লনগৰী লামডিঙৰ বিবেকানন্দ ৰে'লৱে খেল পথাৰত উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ লামডিং মণ্ডলৰ অধীনত ফ্লাড লাইটৰ ব্যৱস্থা কৰা হয় ৷ শুকুৰবাৰে নিশা উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক অনশুল গুপ্তা, লামডিং মণ্ডল ৰে'লৱে প্ৰৱন্ধক জে এছ লাকৰা তথা ৰে'ল বিভাগৰ বহু উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত বিবেকানন্দ ষ্টেডিয়াত প্ৰায় ৭৯ লাখ টকা ব্যয়েৰে ফ্লাড লাইটৰ শুভ উদ্বোধন হয় ৷

Advertisment

ভাৰত চৰকাৰৰ 'ফিট ইণ্ডিয়া' প্ৰচাৰ অভিযানৰ আৰু অধিক আগুৱাই নিয়া হেতুকে তথা লামডিঙত সুচাৰু ৰূপে দিৱা-নৈশ ক্ৰিকেট আৰু ফুটৱলৰ দৰে খেল সমূহ যাতে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবেই এই পদক্ষেপ ৰে'ল বিভাগে গ্ৰহণ কৰিছে ৷ মহা প্ৰৱন্ধক গৰাকীয়ে জানিব দিয়ে যে আগন্তুক দিনত উত্তৰ পূৱ সীমান্ত ৰে'লৱেত বহুকেইখন নতুন ৰে'লৰ সংযোজন হোৱাৰ লগতে ডিমা হাচাও জিলাৰ সৈতে আৰু অধিক ৰে'লৱেৰ জৰিয়তে যাতায়ত ব্যৱস্থা উন্নত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে ৷

লগতে এইটো জনায় যে লংকাৰ পৰা চন্দৰনাথপূৰ হৈ বৰাকলৈ যি ৰে'লৱেৰ নতুন ট্ৰেকৰ চিন্তা চৰ্চা তথা পৰীক্ষণ চলি আছে সেয়া কোনো ধৰণে ডিমা হাচাও জিলাৰ প্ৰাধান্য কমি নাযায় লগতে আৰু অধিক নতুন নতুন ৰে'লৰ সংযোজন হে হ'ব ৷ তেওঁ সোনকালে লামডিঙত ৰে'লৱেৰ ডেমু চেডৰো উদ্বোধন কৰা হ'ব বুলি জানিব দিয়ে।

assam lumding railway playground