/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/lumding.jpg)
ডিজিটেল সংবাদ,লামডিং: অপৰাধৰ ৰম্যভূমি হৈ পৰিছে ৰেল নগৰী লামডিঙ ৷ দিনক দিনে লামডিঙত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ ঘটনা ৷ লামডিঙত সোমবাৰে ড্ৰাগছ সহ এজন লোকক আটক কৰে লামডিঙ আৰক্ষীয়ে ৷
ঘটনা অনুসৰি লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাই সাধুখুটি অঞ্চলৰ হনুমান মন্দিৰৰ পিছফযলে থকা এটা ঘৰত অভিযান চলায় ৷ অভিযানত ঘৰটোৰ পৰা ১৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷
আনফালে এই ঘটনাৰ লগত জড়িত থকা ড্ৰাগছ পেডলাৰ বাপ্পী মণ্ডল নামৰ এজন ব্যক্তিক আটক কৰে ৷ জানিব পৰামতে বিগত বহু দিন ধৰি বাপ্পী মণ্ডলে হনুমান মন্দিৰটোৰ পিছফালে থকা এটি পুৰনি ঘৰত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷
কিন্তু আজি লামডিঙ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি হাতে লুটে হেৰ'ইনসহ বাপ্পী মণ্ডলক আটক কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছমুক্ত লামডিঙ গঢ়ি তুলিবলৈ ড্ৰাগছৰ বিৰুদ্ধে লামডিঙ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ৷
আৰু পঢ়ক: নগাঁৱৰ বৰবজাৰত মাটি-গৃহ দখলক লৈ উত্তেজনা