লামডিং ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ...

১৫৯৬০ নামনিমুৱা ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ ৰে'লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি
lumding drugs
lumding drugs

ডিজিটেল সংবাদ, লামডিং : ৰে'লযোগে অব্যাহত থকা নিষিদ্ধ সামগ্ৰীৰ সৰৱৰাহ ৰোধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ তথা প্ৰশাসন ৷ ১৫৯৬০ নামনিমুৱা ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ ৰে'লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি ৷

লামডিং ৰে'লৱে সুৰক্ষা বাহিনীৰ চি আই বি আৰু তিনিচুকীয়াৰ আৰ পি এফৰ বিশেষ টাস্ক ফৰ্চ দলে জব্দ কৰে সৰৱৰাহকাৰীসহ ব্ৰাউন চুগাৰখিনি ৷ ৩১টা চাবোনৰ বাকচত ৪২১.৮৬ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰখিনি জব্দ কৰে ৰে'লৱে আৰক্ষীয়ে ৷

ৰে'লৱে সুৰক্ষা বাহিনীয়ে ৰচিদুল হক নামৰ জুৰিয়াৰ এজন ব্যক্তিক আটক কৰিছে ৷ ডিমাপুৰৰ পৰা চাপৰমুখলৈ সৰৱৰাহ কৰাৰ সময়তে ৰে'লখনত উপস্থিত থকা আৰ পি এফৰ চি আই বি আৰু তিনিচুকীয়া বিশেষ টাস্ক ফৰ্চ দলটোৱে হাতে-লোটে আটক কৰে ব্যক্তিজনক ৷ উল্লেখ্য যে জব্দ কৰা ব্ৰাউন চুগাৰখিনৰ বজাৰ মূল্য আনুমানিক ২.৫০ কোটি টকা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in