লামডিঙত কংগ্ৰেছ দলত ব্যাপক খহনীয়াঃ পুনৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে যোগদান কৰিলে বিজেপিত…

লামডিঙত কংগ্ৰেছ দলত ব্যাপক খহনীয়াঃ পুনৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে যোগদান কৰিলে বিজেপিত…

author-image
asomiyapratidin
New Update
অসম বিদ্বেষীয়ে সীমান্তত বন্ধ কৰিলে সমাজ কল্যাণ বিভাগৰ কাম…

ডিজিটেল সংবাদ লামডিঙঃ সমাগত পৌৰসভা নিৰ্বাচন প্ৰতিটো দলৰ নেতা পালিনেতা আৰু প্ৰাৰ্থী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ কিন্তু লামডিঙত সৃষ্টি হৈছে বিজেপি আৰু কংগ্ৰেছৰ মাজত সংঘাত ৷ শুকুৰবাৰে সন্ধিয়া ৮ বজাত লামডিঙ নদীপাৰৰ শীতলা বাড়ীত অনুষ্ঠিত হোৱা এখন বিজেপিৰ সভাত এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰাক লৈ তোলপাৰ লাগিছে লামডিঙৰ ৰাজনৈতিক দলত ৷

ইজনৰ পিছত সিজনে দল ত্যাগ কৰাত এতিয়া কংগ্ৰেছ দলত খহনীয়া সৃষ্টি হৈছে ৷ উল্লেখ্য যে লামডিঙত মুঠ ১৩ টা ৱাৰ্ডৰ পৰা বিজেপিৰ সমানে সমানে প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল কংগ্ৰেছৰ ৷ কিন্তু দুদিনৰ পূৰ্ৱে লামডিঙৰ ১১ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপশ্ৰী দে'য়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰা ঘটনাত নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত লামডিঙত সংবাদ মাধ্যমৰ ওচৰত অভিযোগ তুলি কয় যে, বিজেপিয়ে ভয় ভাবুকিৰে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল প্ৰাৰ্থী গৰাকীক ৷

কিন্তু সাংসদ গৰাকীৰ অভিযোগৰ পিছতে শুকুৰবাৰে সন্ধিয়া পুনৰবাৰ ১০ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী সুমিতা মজুমদাৰে দল ত্যাগ কৰি স্বইচ্ছাৰে বিজেপিত যোগদান কৰে বুলি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰে সংবাদ মাধ্যত ৷ আনফালে বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিয়ে ইতিমধ্যে দুটা ৱাৰ্ডত জয় লাভ কৰিলে। মুঠতে বাকী থকা ১১টা ৱাৰ্ডত বিজেপিৰ জয় হোৱাটো এশ শতাংশ নিশ্চিত বুলি মন্তব্য কৰে স্থানীয় বিধায়ক শিবু মিশ্ৰই ৷

তাৰোপৰি বিধায়ক গৰাকীয়ে কয় যে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা হব লাগে, প্ৰতিদ্বন্দিতা হ'লেহে নিৰ্বাচন খেলি ভাল লাগে। যদিহে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে আমাৰ দলত যোগদান কৰিব বিচাৰে তেনেহলে নিশ্চয় যোগ দিয়ক কাৰন ঘৰৰ মানুহ ঘৰলৈ উভতি অহাটো মই বিচাৰে ৷ আজি অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে লামডিঙ সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, লামডিঙ মণ্ডল সভাপতি ,সম্পাদকৰ লগতে শতাধিক লোক ৷

nagaon bjp assam congress