লামডিং মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত এ.বি.ভি.পিৰ বৃহৎ জয়...

বিগত প্ৰায় এটা দশক ধৰি লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতাসভা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দখল কৰি আহিছে
lumding college election
lumding college election

ডিজিটল সংবাদ, লামডিং : লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতাসভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীৰ জয় লাভ ৷ বিগত প্ৰায় এটা দশক ধৰি লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দখল কৰি আহিছে ৷

২০২২-২৩ বৰ্ষৰ ছাত্ৰ একতা সভাত বিনা প্ৰতিদ্বন্দিতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে জয় লাভ কৰিছে ৷ সভাপতি পদত ধীৰাজ কুমাৰ সিং, সম্পাদক পদত অংকিত কুমাৰ সিং, সাংস্কৃতিক আৰু সমাজিক বিভাগত সম্পাদক হিচাপে অজিত চৌহান, শিক্ষাৰ্থী কল্যাণ বিভাগত পংকজ ছেত্ৰীয়ে জয়লাভ কৰে ৷

ইয়াৰ পৰিপ্ৰেক্ষিততে লামডিং মহাবিদ্যালয়ৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিজয়ী প্ৰাৰ্থীৰ সৈতে শিক্ষাৰ্থী সকলে লামডিঙত এক বিশাল বিজয়ী সমদল উলিয়াই আনন্দ উল্লাস কৰা দেখা যায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in