/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/rggg.jpg)
ডিজিটেল সংবাদ, লামডিং: যি সময়ত হাতত কিতাপ লৈ বিদ্যালয়লৈ যাব লাগিছিল তেনে সময়তে শৈশৱৰ মধুৰ সময়ৰ পৰা বঞ্চিত হৈ ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ পৰিছে লামডিঙৰ এটি শিশু ৷ লামডিঙৰ দহ বছৰীয়া এটি শিশুক যাক আপোনাৰ কিঞ্চিত সহায়ৰ প্ৰয়েজন কাৰণ এক ৰোগত আক্ৰান্ত হৈ আছে সুসিত্ৰা দেৰ পুত্ৰ জয়দেৱ ৷
জন্মৰ দুবছৰৰ পিছতেই জয়দেৱ আক্ৰান্ত হৈছিল এক জটিল ৰোগত ৷ যি ৰোগৰ কোনো বিশেষ চিকিৎসা নোপোৱাত শাৰীৰৰিকভাৱে যদিও জয়দেৱ লাহে লাহে ডাঙৰ হৈছে কিন্তু মানসিক বিকাশ হোৱাৰ ক্ষেত্ৰত বাধা হৈ পৰিল ৰোগবিধ ৷ ২০১৫ চনতে চিকিৎসৰ কাষ চাপিছিল জয়দেৱৰ আইতাক আৰু মাতৃ ৷ চিকিৎসা চলি থকাৰ সময়তে জয়দেৱক পিতৃৰ পৰিয়ালেও বঞ্চিত কৰে ৷
জয়দেৱৰ মাতৃ নিৰুপায় হৈ দুটি সন্তানক লৈ মাতৃ ঘৰলৈ আহিবলৈ বাধ্য হয় ৷ বৰ্তমান জয়দেৱ অসুস্থ হৈ পৰিছে সময়ৰ লগে লগে জয়দেৱৰ মানসিক ৰোগো বাঢ়ি আহিছে ৷ কিন্তু জয়দেৱৰ উন্নত চিকিৎসাটো বাদেই সাধাৰন চিকিৎসাখিনিও এতিয়া থমকি ৰৈছে ৷ বিগত বহু বছৰ ধৰি জয়দেৱৰ চিকিৎসা মাতৃ পৰিয়ালে চলাই আছিল যদিu বৰ্তমান পৰ্যাপ্ত পৰিমানৰ ধনৰ অভাৱত জয়দেৱৰ চিকিৎসা থমকি ৰৈছে ৷ জয়দেৱৰ আইতাক আৰু মাকৰ হাতত ধন শেষ হৈ পৰিছে জয়দেৱৰ চিকিৎসা কৰি ৷
সেয়হে আয়েকৰ আহ্বান তেওঁলোকৰ সন্তানটিৰ চিকিৎসাৰ বাবে অলপ সহায় কৰক ৰাইজে ৷ নহলে কোনো এক স্বেচ্ছাসেৱী সন্থাই যাতে জয়দেৱক সহায় কৰে এই ৰোগৰ সৈতে যুজিবলৈ ৷ কিয়নো আইতাক আৰু মাতৃৰ অবিহনে জয়দেৱে জীৱনযুদ্ধত অকলে যুজাৰ সম্ভৱ নহয় ৷ আনফালে জয়দেৱৰ সৰু ভায়েকক ধন অভাৱতেই এতিয়ালৈকে বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ সক্ষম নহয় পৰিয়ালটোৱে ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা লামডিঙ সমষ্টিৰ বিধায়ক শিবু মিশ্ৰক কাটৰ অনুৰুধ জনায় যে শিশুটিক চিকিৎসাৰ বাবে অলপ সহায়ৰ হাত আগবঢ়াই যেন।
বেংক একাউন্ট নম্বৰ
Indian Bank
A/C NO:- 50140926528
IFSC:- IDIB000L575
Name:- Suchitra Dey
Lumding Branch