টকা দিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, নিদিলে কটা যাব নাম…

টকা দিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, নিদিলে কটা যাব নাম…

author-image
asomiyapratidin
New Update
টকা দিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, নিদিলে কটা যাব নাম…

ডিজিটেল সংবাদ, লামডিং : ধন দিলে অৰুনোদয় আঁচনি লাভ কৰিব পাৰিব নহ'লে আপোনাৰ নাম কটা যাব। এনে ধৰণৰ অভিযোগ উত্থাপন হৈছে হোজাই জিলাৰ লামডিঙত ৷ ২০ আগষ্টৰ পৰা ২০ ছেপ্তেম্বৰলৈ অসমত আৰম্ভ হৈছে অৰুণোদয় আঁচনিৰ পুনৰিক্ষণ ৷

Advertisment

তাৰ লগত সংগতি ৰাখি লামডিঙত অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ধন দাবী কৰাৰ অভিযোগ পশ্চিম লামডিং পঞ্চায়তৰ অন্তৰ্গত ১নং হাতীখুলী গাওঁৰ এগৰাকী মহিলাৰ। এই অভিযোগ উত্থাপন হৈছে পশ্চিম লামডিঙ পঞ্চায়তৰ ১নং ৱাৰ্ডৰ সদস্যাৰ স্বামী ৰুদ্ৰ দাসৰ লগতে অৰুনোদয় আঁচনিৰ নিৰীক্ষণ (survey) কৰা দুই ছাত্ৰৰ বিৰুদ্ধে।

এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ঘটনাৰ খবৰ পাই হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী গাঁও খনত উপস্থিত হৈ সম্পূৰ্ণ ঘটনাটোৰ বুজ লয়। উপায়ুক্ত অনুপম চৌধুৰীয়ে কয় যে কোন সঁচা কোন মিচা তদন্ত কৰাৰ পিছতেই পোহৰলৈয় আহিব।

তেওঁ ৰাইজকো দুৰ্নীতিৰ বিৰুদ্ধে সজাগ সচেতন হ'বলৈ অনুৰোধ কৰে লগতে কয় যে কোনেও নাম কটা যোৱাৰ ভয়ত টকা দিব নালাগে আৰু নাম কটা যাব বুলি কোনেও ধন দাবী কৰিবও নালাগে ৷ উক্ত ঘটনাতো এতিয়া তদন্ত কৰিব বুলি জানিব দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

assam Assam police himanta biswa sarma