ভূটানৰ বান্ধৰ পানীয়ে নামনিত চলাইছে তাণ্ডৱ, দ্ৰুত হাৰত বাঢ়িছে পাগলাদিয়া,নোনা,বেকীৰ জলস্তৰ…

ভূটানৰ বান্ধৰ পানীয়ে নামনিত চলাইছে তাণ্ডৱ, দ্ৰুত হাৰত বাঢ়িছে পাগলাদিয়া,নোনা,বেকীৰ জলস্তৰ…

author-image
asomiyapratidin
New Update
ভূটানৰ বান্ধৰ পানীয়ে নামনিত চলাইছে তাণ্ডৱ, দ্ৰুত হাৰত বাঢ়িছে পাগলাদিয়া,নোনা,বেকীৰ জলস্তৰ…

ডিজিটেল ডেস্ক: ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বানৰ কবলত, ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ লোক, বহু পৰিয়াল।

ইয়াৰ মাজতে ভূটানৰ বান্ধৰ পানীয়ে ভয়ংকৰ তাণ্ডৱ চলাইছে নামনি অসমত। ভূটানত আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত যাৰবাবে দেশখনৰ জলবিদ্যুৎ প্ৰকল্পক পৰিছে তীব্ৰ হেঁচা।

ইয়াৰ পৰিপ্ৰেক্ষিতত ভূটানে এৰি দিব লগীয়া হৈছে বহু কেইটা বান্ধৰ পানী। এই পানীৰ ফলত নামনি অসমৰ কেইবাখনো নৈ যেনে পাগলাদিয়া, বেকী, নোনা, বেকী, আই আদিৰ জলস্তৰ বৃদ্ধি পাইছে।

ভূটানে এৰি দিয়া পানীৰ ফলত এই নদী সমূহৰ জলস্তৰ প্ৰতি ঘন্টাত প্ৰায় ২৩ ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছে নদী সমূহৰ পানী। ইয়াৰ ফলত আজি নিশালৈ বৰপেটা, নলবাৰী, ৰঙিয়া, চিৰাং, বাক্সা আদি জিলাত বান পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা আছে।

ইতিমধ্যে এই ঠাইসমূহৰ নৈ পৰীয়া লোক সমূহে নিজা ঘৰ এৰি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ। বহু ঠাই ইতিমধ্যে বুৰাই পেলাইছে বানপানীয়ে।

আৰু পঢ়ক: মানকাচৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদসীমা অতিক্ৰম, কেইবাখনো গাঁও জলমগ্ন…

assam flood bhutan