নাকৰ আঘাতৰ বাবে নেশ্যনেল গেমছ - ২০২২ত অংশগ্ৰহণ নকৰে লাভলীনা বৰগোঁহায়ে...

২৯ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
নাকৰ আঘাতৰ বাবে নেশ্যনেল গেমছ - ২০২২ত অংশগ্ৰহণ নকৰে লাভলীনা বৰগোঁহায়ে...

ডিজিটেল ডেস্ক : ২৯ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। ইতিমধ্যে সাজু হৈ উঠিছে প্ৰস্তুতি। অসমৰ বহু কেইজন খেলুৱৈ নেশ্যনেল গেমছত অংশ গ্ৰহণৰ বাবে ৰাওনা হৈছে গুজৰাটলৈ।

Advertisment

উল্লেখ্য যে অসমৰ লন বলৰ দলটো ইতিমধ্যে গুজৰাটত উপস্থিত হৈছে। কিন্তু ২০২২ বৰ্ষৰ নেশ্যনেল গেমছত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব বক্সাৰ লাভলীনা বৰগোঁহাই। প্ৰশিক্ষণত নাকত আঘাত পোৱাৰ বাবে চিকিৎসকে বিশ্ৰামৰ পৰামৰ্শ দিছে লাভলীনা বৰগোঁহাইক।

উল্লেখ্য যে নেশ্যনেল গেমছ ২০২২ৰ বাবে লাভলীনাই কঠোৰ অনুশীলন চলাইছিল আৰু এক প্ৰকাৰৰ পদক নিশ্চিত আছিল লাভলীনাৰ। কিন্তু আঘাতৰ বাবে ২০২২ বৰ্ষৰ নেশ্যনেল গেমছত অংশ ল'ব নোৱাৰিব লাভলীনাই। আনহাতে, নেশ্যনেল গেমছত অসমৰ পতাকা বহন কৰিব অম্লান বৰগোঁহায়ে।

lovlina borgohain gujrat national games