/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/ar.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত এগৰাকী বিবাহিত মহিলাক প্ৰলোভিত কৰি প্ৰেমৰ জালত আবদ্ধ কৰি অপহৰণ কৰা এটা নিকৃষ্ট ঘটনা সংঘটিত হৈছে । 'লাভ জেহাদ' সদৃশ এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৰহিম আলি নামৰ এজন যুৱকৰ বিৰুদ্ধে ।
ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ মতে ঢকুৱাখনাৰ পশ্চিম মাছখোৱা অঞ্চলৰ কচুৱনী গাঁওৰ মহিলা এগৰাকী সমীপৰ সৰু মূৰ্তিয়া গাঁওত বিবাহ সূত্ৰে স্বামীৰ লগত বাস কৰিছিল। কৃষিজীৱী স্বামী পৰিয়ালটোৰ সৰলতাৰ সুযোগ লৈ ফেৰীৱালা হিচাপে জীৱন নিৰ্বাহ কৰা এটি ৫ বছৰীয়া নাবালিকা কন্যা সন্তানৰো মাতৃ গৰাকীক প্ৰেমৰ জালত বন্দী কৰি দীৰ্ঘ দিন ধৰি গোপন সম্পৰ্ক ৰাখি আহিছিল ঢকুৱাখনা মানিকপুৰ গাঁওৰ ঠানুকণ আলিৰ পুত্ৰ ৰহিম আলি (২১) ওৰফে সোন মইনা ওৰফে প্ৰিন্স আলিয়ে।
কৃষক স্বামীৰ অজ্ঞাতে বিভিন্ন চলাহী কথাৰে প্ৰলোভিত কৰি ধুৰন্ধৰ ৰহিম আলিয়ে শুকুৰবাৰে এই গৰাকী মহিলাক কোনো অজ্ঞাত স্থানলৈ লৈ যোৱাৰ পৰিকল্পনা কৰি স্বামী গৃহৰ পৰা অপহৰণ কৰি আৱদ্ধ কৰি ৰাখিছিল । এই সন্দৰ্ভত মহিলা গৰাকীৰ সৰু মূৰ্তিয়া গাঁওৰ শহুৰ বুদ্ধেশ্বৰ শইকীয়াই সদৰ থানাত এক এজাহাৰ দাখিল কৰে শুকুৰবাৰে ।
এই সন্দৰ্ভত সদৰ থানাৰ উপ পৰিদর্শক মেৰাফট আলিয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই সদৰ থানাৰ অন্তৰ্গত ২নং বানতৌ গাঁওৰ চিত্ৰ দাসৰ ঘৰৰ পৰা মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু অপহৰণৰ মূল নায়ক ৰহিম আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সদৰ থানাত পঞ্জীভূত গোচৰ (নং-৭১/২০২২)ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৬ ভিত্তিত ধৃত অপহৰণকাৰী ৰহিম আলিক ঢকুৱাখনা মহকুমা ন্যায়িক আদালতত হাজিৰ কৰি লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি মহিলা গৰাকীক সদৰ থানাত সোধা পোছা অব্যাহত ৰাখিছে ।
আৰু পঢ়ক: ভাৰতীয় খাদ্য নিগমৰ ১০০০ বেগ চাউল সহ তিনি জনক গ্ৰেপ্তাৰ