ব্যতিক্ৰমী লটাৰী! পুৰস্কাৰত আছে পেট্ৰ’ল, ডিজেল, আলু লগতে…

ব্যতিক্ৰমী লটাৰী! পুৰস্কাৰত আছে পেট্ৰ’ল, ডিজেল, আলু লগতে…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, চিৰাং : কোনো উৎসৱ পাৰ্বন নাইবা অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত নহয় এইবাৰ ৰাজ্যত বৰ্দ্ধিত মূল্যবৃদ্ধিক উপলক্ষ্য কৰি আয়োজন কৰা হৈছে এক অভিনৱ ভাগ্য লটাৰী খেল । মাত্ৰ ত্ৰিশ টকাৰ বিনিময়ত উক্ত লটাৰী যোগে উপহাৰ হিচাপে লাভ কৰিব পাৰে সম্প্ৰতি মূল্যবৃদ্ধিৰ তালিকাভুক্ত বহু অত্যাৱশ্যকীয় সামগ্ৰী ।

লক্ষ্যনীয় বিষয় যে আকাশলঙ্ঘী মূল্যবৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ পুৰষ্কাৰৰ তালিকাখনো প্ৰস্তুত কৰা হৈছে অদ্ভুত ধৰনে, পুৰষ্কাৰৰ তালিকাত আছে ৩০ লিটাৰ পেট্ৰ'ল, ২০ লিটাৰ ডিজেল, ১০ লিটাৰ মিঠাতেল, ৫ লিটাৰ ৰিফাইন তেল, ৫০ কিলোগ্ৰাম চাউল, ৫ কিলোগ্ৰাম মচুৰ দালি, ১০ কিলোগ্ৰাম আটা, ২৫ কিলোগ্ৰাম আলু, ২০ কিলোগ্ৰাম পিয়াজ, এটা ভৰ্তি চিলিণ্ডাৰ ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি চেনি,গাখীৰ, জলকীয়া, আদা, নহৰু, মচলা আদি কৰি কি নাই পুৰষ্কাৰৰ তালিকাত ।

এই মূল্যবৃদ্ধিৰ দৰে এটা জলন্ত সমস্যাক আগত ৰাখি এই অভিনৱ "মূল্যবৃদ্ধি উপলক্ষ্য লটাৰী খেল" ৰ আয়োজন কৰিছে চিৰাং জিলাৰ সীমান্তবৰ্তী বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱৰ কিছু কিশোৰ- যুৱকে । কিন্ত কিয় এই অগতানুগতিক লটাৰী খেলখন আয়োজন কৰিছে এই সন্দৰ্ভত আয়োজক সকলে কয় যে বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ৰমবৰ্দ্ধমান মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক ।

বৰ্দ্ধিত মূল্যবৃদ্ধিৰ কাৰণে দৰিদ্ৰ জনতাই ইচ্ছা কৰিলেও ক্ৰয় কৰি খাব পৰা নাই পছন্দৰ মাছ, মঙহ নাইবা অন্যান্য খাদ্য সামগ্ৰী । মূল্যবৃ্দ্ধিৰ ফলত জুৰুলা হৈ পৰা দুখীয়া লোক সকলে যাতে সামান্য ধনৰ বিনিময়ত যাতে নিজৰ পছন্দৰ এসাঁজ খাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া ৰাজ্যত মূল্যবৃদ্ধি উপলক্ষ্য আয়োজন কৰা হৈছে ভাগ্য লটাৰী ।

অগতানুগতিক চিন্তাধাৰাৰে মূল্যবৃদ্ধি উপলক্ষ্যে লটাৰী খেলৰ আয়োজন কৰিছে ধৰ্মীয় সংখ্যালঘু বসতিপূৰ্ণ বৰপথাৰ গাঁৱৰ নৱম শ্ৰেণীৰ পৰা স্নাতক প্ৰথম বৰ্ষত পাঠ্যক্ৰমত অধ্যয়নৰত ১০/১২ জন কিশোৰ তথা যুৱক সকলে। প্ৰথমাৱস্থাত তেওঁলোকে ধেমালিৰে এই লটাৰী খেলৰ আয়োজন কৰিছিল, কিন্তু পৰবৰ্তী সময়ত মূল্যবৃদ্ধিৰ বিষয়টো লটাৰীৰ নামৰ সৈতে সাঙুৰি দিয়াত বিতৰ্ক আহি পৰে ।

পিছত আলোচনা কৰি জেষ্ঠ সকলৰ পৰামৰ্শ মানি লৈ এই অভিনৱ লটাৰী খেল খনক মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে এক নীৰৱ প্ৰতিবাদী কাৰ্যসূচী হিচাপে ধৰি লৈছে । সন্মুখত ঈদ আহি আছে আৰু এই ঈদৰ সময়ছোৱাত মূল্যবৃদ্ধিৰ কাৰণে যি সকল দুখীয়া দৰিদ্ৰ লোকে উৎসৱ পাৰ্বনত নিজৰ ইচ্ছা স্বত্বেও খাদ্য সামগ্ৰী ক্ৰয় কৰি পৰিয়ালৰ লোকক এসাঁজ খুৱাব নোৱাৰে , তেনে দৰিদ্ৰ লোকে এটা লটাৰী টিকট ক্ৰয় কৰি মাত্ৰ ত্ৰিশ টকাৰ বিনিময়ত নিজৰ ভাগ্য বলত এসাঁজ ভাল খাদ্য খোৱাৰ সুযোগ লাভ কৰিব বুলি দাবী কৰে । এই মূল্যবৃদ্ধিৰ উপলক্ষ্য লটাৰী খেলৰ টিকটক লৈ ৰাইজে যথেষ্ট সঁহাৰি জনাইছে আৰু ইতিমধ্যেই ভালে সংখ্যক টিকট বিক্ৰী হৈছে বুলি আয়োজককাৰী সকলে জানিবলৈ দিছে ।

আৰু পঢ়ক: প্ৰাথমিক বিদ্যালয়ত বিষ্ণুপ্ৰিয়া মনিপুৰী ভাষা প্ৰচলনৰ দাবী…

assam chirang