লৰিংথেপিত মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ...

কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপিৰ বৰছিং ৰংহাং সোঁৱৰণী প্ৰেক্ষাগৃহত হাওৰাঘাট, ফুলনি, লাংফেৰ, কৰকাণ্ঠী, মহামায়া আৰু লাংহিন পৰিষদীয় সমষ্টিৰ

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলং

কাৰ্বি আংলং Photograph: (কাৰ্বি আংলং )

ডিজিটেল সংবাদ, হাওৰাঘাটঃ  কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপিৰ বৰছিং ৰংহাং সোঁৱৰণী প্ৰেক্ষাগৃহত হাওৰাঘাট, ফুলনি, লাংফেৰ, কৰকাণ্ঠী, মহামায়া আৰু লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মুঠ ৫০৯ গৰাকী ছাত্ৰ-ছাত্ৰীক আৰু ১৩৮ গৰাকী ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ', লাংহিন পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী সদস্য বিলিমোহন খাখলাৰী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য কাংবুৰা কিলিং, পৰ্যটন বিভাগৰ অধ্যক্ষ ধৰমছিং ক্ৰ', শিক্ষা বিভাগৰ অধ্যক্ষ চামুৱেল ৰংহাং, পৰিবহণ বিভাগৰ অধ্যক্ষ চাৰছিং কাথাৰ, ফুলনি সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ধনিৰাম ৰংহাং আৰু মহামায়া সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ৰাজেশ টেৰণৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদ